আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : ৰাজ্যজুৰি অব্যাহত আছে অসম আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। প্ৰতিদিনে আৰক্ষীৰ জালত পৰিছে ড্ৰাগছৰ বেহাৰ লগত জড়িত লোক। এইবাৰ ড্ৰাগছসহ শিৱসাগৰ আৰক্ষীৰ জালত পৰিল এগৰাকী মহিলা।

শুকুৰবাৰে শিৱসাগৰ আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযানত জালত পৰে এগৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী। শিৱসাগৰৰ মাজ মজিয়াৰ হাস্পতাল ৰোডত শিৱসাগৰ আৰক্ষীয়ে অভিযান চলাই মহিলা ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।

এক গোপন খবৰৰ ভিত্তিত হাস্পতাল ৰোডৰ এখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ সন্মুখৰ পৰা আৰক্ষীয়ে মহিলা গৰাকীক আটক কৰে। মহিলা ড্ৰাগছ সৰবৰাহকাৰীৰ কবলৰ পৰা আৰক্ষীয়ে ড্ৰাগছ ভৰ্তি ১২ টা কন্টেইনাৰ জব্দ কৰে।

জব্দকৃত ড্ৰাগছখিনিৰ মূল্য লক্ষাধিক টকা হ’ব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। ধৃত মহিলা গৰাকীৰ নগাঁৱৰ নাম চুলতানা বেগম বুলি জানিব পৰা গৈছে। বি জি ৰোডত ভাড়াতীয়া হিচাপে বাস কৰি ড্ৰাগছ বেহা চলাই আছিল চুলতানা বেগমে।