গৰ্গ জ্যোতি দাস

অভয়াপুৰী : দেহ ব্যৱসায়ৰ ঘাটিত চলিল ৰাইজৰ অভিযান। দীর্ঘদিন ধৰি নাৰী দেহৰ ব্যৱসায় চলি থকা ঘাটি উৎসাত কৰিলে ৰাইজে। দেহ ব্যৱসায়ৰ ঘাটিৰ পৰা আটক এজন যুৱক, সুবিধা বুজি পলায়ন কৰিলে এগৰাকী যুৱতী।

বঙাইগাঁও জিলাৰ অভয়াপুৰীত ৰাইজে উৎসাত কৰিলে নাৰী দেহ ব্যৱসায়ৰ ঘাটি। অভয়াপুৰী ৰামনগৰৰ অনিমা ৰায় নামৰ এগৰাকী মহিলাৰ বাসগৃহত অভিযান চলাই স্থানীয় ৰাইজে নাৰী দেহ ব্যৱসায়ৰ ঘাটি উৎসাত কৰে।

অনিমা ৰায় নামৰ মহিলা গৰাকীৰ বাসগৃহত দীৰ্ঘদিন ধৰি অসমাজিক কাম চলি থকাৰ অভিযোগ উত্থাপন হৈ আছিল। বিভিন্ন সময়ত অনিমা ৰায়ৰ বাসগৃহত সন্দেহজনক পুৰুষ-মহিলাৰ অহা-যোৱা প্ৰত্যক্ষ কৰিছিল স্থানীয় ৰাইজে।

আবেশেষত শুকুৰবাৰে দিনৰ ভাগত ৰাইজে অনিমা ৰায়ৰ বাসগৃহত অভিযান চলাই এজন যুৱকক আটক কৰে। অৱশ্যে ৰাইজে অভিযানকালত সুবিধা বুজি অনিমা ৰায়ৰ বাসগৃহৰ পৰা এগৰাকী যুৱতীয়ে পলায়ন কৰিবলৈ সক্ষম হয়।