আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক
শিৱসাগৰ : ৭৩ তম গণৰাজ্য দিৱস উদযাপন বাবে সাজু শিৱসাগৰ জিলা আৰক্ষী প্ৰশাসন। শিৱসাগৰত কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজত গণৰাজ্য দিৱসৰ মূল কাৰ্যসূচী অনুষ্ঠিত কৰাৰ প্ৰস্তুতি সম্পূৰ্ণ। ঐতিহাসিক বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ’বলগীয় গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত পতাকা উত্তোলন কৰিব শিৱসাগৰ জিলাৰ উপায়ুক্ত মেঘ নিধি দাহাল।

বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ’বলগীয় গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত ৰাজ্য চৰকাৰৰ ক’ভিড নীতি-নিৰ্দেশনা পালন কৰি শিৱসাগৰ জিলা প্ৰশাসনে গণৰাজ্য দিৱস পালনৰ বাবে সাজু হৈ উঠিছে। ক’ভিডৰ দুয়ো পালি প্ৰতিষেধক লোৱা মাত্ৰ ৫০০ লোক অংশগ্ৰহণ কৰিব পাৰিব গণৰাজ্য দিৱসৰ কেন্দ্ৰীয় কাৰ্যসূচীত।

এইবাৰ শিৱসাগৰ জিলাত ক’ভিড সৃষ্ট পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলক গনৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পৰা বিৰত ৰখা হৈছে। জিলা আৰক্ষী অধীক্ষক ৰাকেছ ৰৌচনসহ শিৱসাগৰ জিলা আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকলে বৰ্ডিং খেলপথাৰ পৰিদৰ্শন কৰি গণৰাজ্য দিৱসৰ প্ৰস্তুতিৰ বুজে লয়।

গণৰাজ্য দিৱসত যাতে কোনো ধৰণৰ কুটাঘাতমূলক ঘটনা সংঘটিত নহয় ইয়াৰ বাবে সমগ্র শিৱসাগৰ জিলাত ব্যাপক তালাচী অভিযান অব্যাহত ৰাখিছে শিৱসাগৰ আৰক্ষীয়ে। ইফালে বৰ্ডিং খেলপথাৰত দৈনিক আৰক্ষী আৰু অৰ্ধ সামৰিক বাহিনীৰ জোৱান সকলে নিজৰ কোচকাৱাজ অব্যাহত ৰাখিছে।