সংবাদ ৩৬৫ ডেস্ক, ২ আগষ্টঃ সদৌ বিটিচি সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ এবিএমছুৰ সভাপতি লাফিকুল ইছলাম আহমেক যোৱাকালি শূন্য দূৰত্বৰ পৰা দুৰ্বৃত্তই গুলিয়াই নিৰ্মমভাৱে হত্যা কৰাক কেন্দ্ৰ কৰি সমগ্ৰ ৰাজ্যতে উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ইছলামৰ মৰোণোত্তৰ পৰীক্ষাত বহি থকা অৱস্থাত ২-৩ ফুট দূৰত্বৰ পৰা দুৰ্বৃত্তই পিঠিত গুলীয়াই হত্যা কৰাৰ কথা স্পষ্ট হৈ পৰিছে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ২৪ ঘণ্টাৰ ভিতৰত হত্যাকাৰীক আটক কৰাৰ লগতে বিশেষ আৰক্ষী সঞ্চালক প্ৰধানক কোকৰাঝাৰলৈ যোৱাৰ নিৰ্দেশ দিয়ে৷ মুখ্যমন্ত্ৰীয়ে মন্ত্ৰী পৰিস্থিতি তদাৰক কৰাৰ কাৰণে পৰিমল শুক্লবৈদ্যকো তাৎক্ষণিকভাৱে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে৷ ইয়াৰ লগতে ৰাজ্য চৰকাৰে লাফিকুল ইছলামৰ পৰিয়াললৈ ৫০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ ঘোষণা কৰে৷ কিন্তু লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ লগত জড়িত দোষীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবীত ৰাজ্যজুৰি বিভিন্ন দল সংগঠনে প্ৰতিবাদ অব্যাহত ৰাখিছে৷ বিয়লি পৰ্যন্ত ইছলামৰ পৰিয়ালে মৃতদেহ চমজি লোৱাত অমান্তি হয়৷ পৰিয়ালৰ সৈতে মুখামুখি হোৱাৰ ভয়ত নিশা ঘৰৰ পৰা ৫০ মিটাৰ দূৰত্বত প্ৰশাসনে মৃতদেহ থৈ যায়। প্ৰশাসনৰ এই কাৰ্য্যত জাঙুৰ খাই উঠিছে এবিএমছু৷ কোকোৰাঝাৰৰ ছালাকাটিত ঈদগাহ ফিল্ডত এবিএমছুৱে বিশাল প্ৰতিবাদী সভাৰ আয়োজন কৰে৷ এই প্ৰতিবাদত হাজাৰ হাজাৰ জনতাই অংশগ্ৰহণ কৰি চৰকাৰ বিৰোধী শ্ল’গানেৰে চৌদিশ উত্তাল কৰি তোলে৷ এবিএমছুৰ সম্পাদক শ্বাহ আলমে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক ছালাকাটিলৈ গৈ ঘটনাৰ চিবিআই তদন্ত ঘোষণা কৰাৰ দাবী জনায়৷ তেওঁ লাফিকুলৰ হত্যাকাণ্ডত ৰাজনৈতিক ষড়যন্ত্ৰ নিহিত হৈ থকাৰো অভিযোগ কৰে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়েও লাফিকুল ইছলামৰ মৃত্যুত গভীৰ উদ্বেগ প্ৰকাশ কৰিছে৷ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে শীঘ্ৰে দোষীক কৰায়ত্ত কৰাৰ লগতে ঘটনাৰ চিবিআই তদন্তৰ দাবী কৰে৷ গুৱাহাটীতো আমছুৱে লাফিকুল ইছলামৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তি দিয়াৰ দাবী ৰাজধানী মছজিদৰ সমীপত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।  আমছুৱে ঘটনাৰ তদন্তৰ নামত চৰকাৰে ভেঁকোভাওনা কৰি অহাৰ অভিযোগ তোলে৷ লখিমপুৰৰ লালুকতো আমছুৱে লাফিকুল ইছলামৰ হত্যাৰ প্ৰতিবাদত ১৫নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ এই প্ৰতিবাদী কাৰ্যসূচীত আমছুৰ লখিমপুৰ জিলা সমিতিয়ে ৰাজ্যৰ গৃহ বিভাগক তীব্ৰ ভাষাৰে নিন্দা কৰি সংখ্যালঘুৰ ওপৰত চলোৱা অত্যাচাৰ বন্ধ কৰাৰ লগতে সৰ্বানন্দ সোণোৱাল চৰকাৰক পদত্যাগৰ দাবী জনায়৷ লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ চিবিআই তদন্ত আৰু ইছলামৰ পৰিয়ালক ক্ষতিপূৰণ দিয়াৰ দাবীত আমছুৱে আহ্বান জনোৱা ১২ ঘণ্টীয়া বৰপেটা জিলা বন্ধৰ সৰ্বাত্মক প্ৰভাৱ পৰে৷ জিলাখনৰ কলগছিয়াৰ চাৰিয়ালি চ’কত কেবা হেজাৰ লোক একত্ৰিত হৈ বিটিচি প্ৰধান  হাগ্ৰামা মহিলাৰী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিকৃতি দাহ কৰে৷ দক্ষিণ কামৰূপৰ সোণতলীত আমছুৱে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লাফিকুল ইছলামৰ হত্যাকাৰীক শীঘ্ৰে গ্ৰেপ্তাৰ কৰি উচিত শাস্তিৰ দাবী প্ৰতিবাদকাৰীয়ে সোণতলী আৰক্ষী চকী ঘেৰাও কৰাৰ লগতে পুৱা ১০ বজাৰ পৰা দুঘণ্টা ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ তেজপুৰতো লাফিকুল ইছলামৰ হত্যাকাণ্ডৰ প্ৰতিবাদ আমছুৱে দোলাবাৰীত ৩৭নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে৷ আনহাতে আৰক্ষীয়ে ইতিমধ্যে লাফিকুলৰ হত্যাৰ লগত জড়িত থকাৰ সন্দেহত ইনতাজ আলী নামৰ এজনক আটক কৰি তদন্ত অব্যাহত ৰাখিছে৷ জানিব পৰা মতে, এবিএমছুৰ মুখ্য কাৰ্যালয়ত লাফিকুল ইছলাম আহমেদৰ শ্ৰদ্ধাঞ্জলিৰ পিছতে জানাজা সম্পন্ন কৰা হ’ব।