সোণাপুৰ, ২ আগষ্টঃ সোণাপুৰ মহাবিদ্যালয়ে আয়োজন কৰা বাৰ্ষিক উত্তৰ-পূৱ ভাৰত আন্তঃমহাবিদ্যালয় তৰ্ক প্ৰতিযোগিতাখন ২৪ আগষ্টত পুৱা ১০.৩০ বজাৰ পৰা মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হ’ব৷ এইবাৰৰ প্ৰতিযোগিতা খনৰ তৰ্কৰ বিষয় হৈছে কেন্দ্ৰীয় চৰকাৰৰ দ্বাৰা উত্তৰ-পূৱ ভাৰত শোষিত হৈ থকা ধাৰণাটোৰ কোনো বাস্তৱ ভিত্তি নাই৷ প্ৰতিযোগিতাত বিশিষ্ট নিৱন্ধকাৰ, সাংবাদিক মণালিচা চাংকিজা অধ্যক্ষ হিচাবে উপস্থিত থাকিব৷ প্ৰতিযোগিতাত বিজয়ীসকলক ব্যক্তিগত আৰু দলীয় দুয়োটা শাখাতে চিনাম উৰিবা সিংহ সোঁৱৰণী পুৰস্কাৰ হিচাবে ট্রফীৰ লগতে নগদ ধন দিয়া হ’ব। সেই অনুসৰি ব্যক্তিগত শাখাত প্ৰথম, দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰা প্রতিযোগী সকলে ট্ৰফীৰ লগতে ক্রমে ১০,০০০, ৭,ooo আৰু ৫,oo০ টকা প্ৰদান কৰা হ’ব৷ একেদৰে দলীয় শাখাত প্ৰথম আৰু দ্বিতীয় স্থান লাভ কৰা মহাবিদ্যালয়ে চলন্ত বঁটাৰ উপৰি ক্ৰমে ৩,০০০ আৰু ৫,০০০ টকা লাভ কৰিব৷ আনহাতে ইংৰাজী দৈনিক কাকত দি টেলিগ্ৰাফৰ সৌজন্যত দি টেলিগ্রাফ উত্তৰ পূৱ ভাৰত আন্তঃমহাবিদ্যালয় তর্ক প্রতিযোগিতা-২০১৭ ৰ অপ্ৰতিৰোধ্য তার্কিক শীর্ষক  বঁটাও শ্রেষ্ঠ তার্কিকলৈ আগবঢ়োৱা হ’ব। ইচ্ছুক প্রতিযোগীসকলে ৯৪৩৫৩৫৪৩৭৪ আৰু ৯৪৩৫১১৭৩৫৫ নম্বৰত অথবা [email protected] ত যোগাযোগ কৰিব পাৰিব। বিশদ তথ্যৰ বাৱে মহাবিদ্যালয়ৰ ৱেবচাইট www.sonapurcollege.ac.in চাব পাৰিব বুলি আয়োজক সকলে জানিবলৈ দিছে।