অনলাইন ডেস্ক সংবাদ ৩৬৫, ৪ আগষ্টঃ ক্ষমতা লাভৰ কাৰণে মানুহে নিজৰ জীৱনৰ লগতো হেতালি খেলিবলৈ কুন্ঠাবোধ নকৰে৷ বিশেষকৈ ৰাজনীতি ক্ষেত্ৰখনত এইষাৰ কথা অধিক প্ৰযোজ্য হোৱা দেখা যায়৷ যুৱ কংগ্ৰেছ নেতা এম বিক্ৰম গৌৰে জনতাৰ সমৰ্থন লাভৰ কাৰণে নিজকে গুলিয়াবলৈ দুস্কৃতিকাৰীক টকা দিয়াৰ তথ্য পোহৰলৈ আহিছে৷ এম বিক্ৰম গৌৰ অন্ধপ্ৰদেশৰ প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা এম মুকেশ গৌৰৰ পুত্ৰ৷ যোৱা ২৮ জুলাইত বংজাৰা হিল্ছত হোৱা গুলিয়াগুলিত বিক্ৰম আহত হয়৷ আহত বিক্ৰমক তৎকালীনভাবে চিকিৎসালয়ত ভৰ্ত্তি কৰা হয়৷ বিক্ৰমে আৰক্ষীৰ আগত ভাষ্য অনুসৰি বাইকেৰে অহা দুজন অততায়ীয়ে তেওঁৰ ওপৰত আক্ৰমণ কৰি পলায়ন কৰে৷ কিন্তু আৰক্ষীৰ তদন্ত বিক্ৰম গৌৰে সমগ্ৰ আক্ৰমণৰ ঘটনাৰ পৰিকল্পনা কৰাৰ কথা পোহৰলৈ আহে৷ বিক্ৰমে এই আক্ৰমণৰ কাৰণে দুস্কৃতিকাৰীক ৫০ লাখ টকাও দিছিল৷ আগন্তুক নিৰ্বাচনত অন্তত এটা বিধানসভাৰ সমষ্টিৰ জনতাৰ সহানুভূতি লাভৰ কাৰণে বিক্ৰমে এই আক্ৰমণৰ ঘটনাৰ ব্লুপ্ৰিন্ট ৰচনা কৰিছিল৷ আজি চিকিৎসালয়ৰ পৰা ওলোৱাৰ পিছত হায়দৰাবাদ আৰক্ষীয়ে বিক্ৰমক আটক কৰে৷ আৰক্ষীয়ে এই ঘটনাৰ অভিযুক্ত ৫ জনক আটক কৰে যদিও দুজন বৰ্তমানো পলাতক অৱস্থাত আছে৷