লখিমপুৰ, ৩ আগষ্টঃ লখিমপুৰৰ এখন ব্যক্তিগত খণ্ডৰ জাতীয় বিদ্যালয়ক প্ৰশাসনে উচ্ছেদ কৰাক কেন্দ্ৰ কৰি বিহপুৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ উল্লখযোগ্য যে, বিহপুৰীয়া ৰাজহ চক্ৰৰ অন্তৰ্গত লালুকত অৱস্থিত জাতীয় বিদ্যালয়খন চৰকাৰী ভূমিত থকাৰ পৰিপ্ৰেক্ষিতত প্ৰশাসনে উচ্ছেদৰ বাবে শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষলৈ জাননী প্ৰেৰণ কৰিছিল৷ শিক্ষানুষ্ঠানৰ কৰ্তৃপক্ষই বিহপুৰীয়া ৰাজহ চক্ৰৰ কাৰ্যালয়ত চলিত শিক্ষাবৰ্ষত বিদ্যালয়খন উচ্ছেদ নকৰিবলৈ আহ্বান জনাই এখন স্মাৰক পত্ৰ প্ৰদান কৰে৷ কিন্তু বিহপুৰীয়া ৰাজহ চক্ৰই স্মাৰক পত্ৰখন গ্ৰহণ কৰাৰ পৰা বিৰত থাকে৷ ফলত শিক্ষানুষ্ঠানৰ শিক্ষক, ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱকে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত ৰাজহ চক্ৰ কাৰ্যালয়ত উপস্থিত হৈ বিদ্যালয়খন উচ্ছেদ নকৰিবলৈ দাবী জনায়৷ প্ৰতিবাদী কাৰ্যসূচীত অভিভাৱকসকলে ৰাজ্য চৰকাৰে বিদ্যালয়খন উচ্ছেদ কৰি একাংশ বণিয়াক বাণিজ্যৰ লগতে শিক্ষানুষ্ঠান স্থাপনৰ বাবে চৰকাৰী ভূমি আৱন্টন দিছে বুলি অভিযোগ কৰে৷ প্ৰতিবাদকাৰীসকলে লগতে ৰাজ্যৰ শিক্ষা বিভাগে আৰএছএছৰ দ্বাৰা পৰিচালিত হৈ বিদ্যালয়সমূহক সুৰক্ষা দিয়াৰ পৰিবৰ্তে অসমীয়া মাধ্যমৰ বিদ্যালয় উচ্ছেদৰ ব্যৱস্থা কৰাৰহে দাবী কৰি তীব্ৰ ক্ষোভ প্ৰকাশ কৰে৷ তেওঁলোকে প্ৰশাসনক ছয় মাহলৈ বিদ্যালয়খন উচ্ছেদ নকৰিবৰ বাবে প্ৰশাসনক আহ্বান জনায়৷ অন্যথা তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ দিয়ে৷