বাঘবৰ ২ আগষ্টঃ বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে মন্দিয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত ধৰ্মপুৰ-ভাতনাপাইতি গাওঁ পঞ্চায়তৰ কৰ্মচাৰী তথা গ্ৰাম ৰোজগাৰ সহায়ক চমুকৈ জিআৰএছ মহিদুল ইছলামক শাৰীৰিক ভাৱে অপদস্থ কৰা ঘটনাত তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে বৰপেটা জিলা এনৰেগা কৰ্মচাৰী উন্নয়ন পৰিষদে৷ বৰপেটা জিলাৰ এনৰেগা কৰ্মচাৰী উন্নয়ন পৰিষদৰ সভাপতি ধ্রুৱজ্যোতি ডেকাই এক বিবৃতিত বিধায়ক শ্বেৰমান আলীয়ে আইন হাতত তুলি লোৱা কাৰ্যৰ তীব্ৰ ভাষাৰে গৰিহণা দিয়ে৷ তেওঁ বিধায়কজনৰ অমানৱীয় কাৰ্যই এনৰেগা কৰ্মচাৰী সকলক অপমানিত আৰু লজ্জিত কৰা বুলি মন্তব্য কৰে৷ লগতে বিধায়কজনে মনে সজা মিথ্যা কথাৰে এনৰেগা কৰ্মচাৰীজনক অপমান কৰা কাৰ্যৰ বিৰুদ্ধে ৩ আগষ্টত বৰপেটা জিলা সদৰত বৰপেটা জিলাৰ এনৰেগা কৰ্মচাৰী উন্নয়ন পৰিষদে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰাৰ কথা উল্লেখ কৰে৷