সোণাপুৰ, ৩ আগষ্টঃ সোণাপুৰ মহাবিদ্যালয়ৰ সপ্তবিংশতিতম প্ৰতিষ্ঠা দিৱস দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয়ৰ প্ৰাঙ্গনত অনুষ্ঠিত হয়৷ কাৰ্যসূচী অনুসৰি পুৱা ৯ বজাত মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ দেৱব্ৰত খনিকৰে পতাকা উত্তোলন কৰাৰ পিছতে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ প্ৰাক্তন সভাপতি ভূপেন গোস্বামীয়ে স্মৃতি তৰ্পন কৰে৷ ইয়াৰ পিছতেই বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ আৰ্থিক সাহাৰ্য্যৰে মহাবিদ্যালয়ৰ প্ৰাঙ্গনত নিৰ্মিত ছাত্ৰী নিবাসটো বিশ্ববিদ্যালয়ৰ অনুদান আয়োগৰ উত্তৰ-পূৱ কাৰ্যালয়ৰ যুটিয়া সচিব ড০ মহম্মদ আৰিফে মুকলি কৰে৷ আনহাতে ৰাষ্ট্ৰীয় উচ্চতৰ শিক্ষা অভিযানৰ আঁচনিৰ আৰ্থিক অনুদানেৰে নিৰ্মিত সৰ্বমুঠ ১১টা শ্ৰেণীকোঠা আৰু এটা প্ৰশিক্ষণ কক্ষ মুকলি কৰে দিশপুৰ সমষ্টিৰ বিধায়ক অতুল বৰাই৷ দিনৰ ১১.৩০ত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সদস্য সম্বৰ ৰংপিৰ পৌৰাহিত্যত মুকলি সভা অনুষ্ঠিত হয়৷ মুকলি সভাত বিধায়ক অতুল বৰা, ড০ মহম্মদ আৰিফ, মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক সম্পাদক উপেন বৰাকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তিয়ে বক্তব্য দাঙি ধৰে৷ বিয়লি মহাবিদ্যালয়ৰ বি ভক পাঠ্যক্ৰমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বন্তি প্ৰজ্বলন কাৰ্যসূচীৰে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ সামৰণি মৰা হয়৷