গুৱাহাটী, ১৬ জুনঃ ট্ৰাইথলনত বহুকেইটা আন্তঃৰাষ্ট্ৰীয় সফলতা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে মাধুৰ্য্য বৰাই৷ ২০০১ চনৰ পৰা পেচাদাৰী ট্ৰাইথেলীট হিচাপে ক্ৰীয়া জীৱন আৰম্ভ কৰা মাধুৰ্যই ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ সুনাম কঢ়িয়াবলৈ সক্ষম হৈছে৷ শেহতীয়াকৈ মাধুৰ্যই ভিয়েটনামত অনুষ্ঠিত ৭০.৩ আইৰনমেন দানাঙত বিজয়ী সন্মান লাভ কৰিছে৷ ট্ৰাইথলনত এনে সাফল্য লাভ কৰা মাধুৰ্যই হৈছে একমাত্ৰ ভাৰতীয় খেলুৱৈ৷ ইয়াৰ উপৰি ফিলিপাইনছত চুবিক বে আৰু এচিয়ান ইলাইট কেটেগৰীৰ এক্সট্ৰা ফুকেট ট্ৰাইথলন ২০১৭ তো বিজয়ী সন্মান লাভ কৰিবলৈ সক্ষম হৈছে৷ মাধুৰ্যই চলিত বৰ্ষত থাইলেণ্ড কেৎচেন ট্ৰাইথলনতো ৰূপৰ পদক অৰ্জন কৰে৷ এই বিভাগতে তেওঁ ফাষ্টেচ ৰাণাৰ হিচাপেও বিবেচিত হৈছে৷ ২০০১ চনৰ পৰা ২০১২ চন লৈ অসম ৰাজ্যিক ট্ৰাইথলনত বিশেষ পাৰদৰ্শিতা প্ৰদৰ্শন কৰা মাধুৰ্য্যই ২০০৩-০৪, ২০০৬-০৭, ২০০৮, ২০০৯, ২০১১ আৰু ২০১২ চনত ৰাষ্ট্ৰীয় ট্ৰাইথলনতো বিশেষ সফলতা লাভ কৰিছে৷ দক্ষিণ এছিয়া ট্ৰাইথলনত মাধুৰ্যই ৰূপৰ পদক লাভ কৰিছে৷ যোৰহাটত জন্মগ্ৰহণ কৰা মাধুৰ্যই মাউন্টেইন বাইকিং, ব’লডাৰিং, ট্ৰেকিং আৰু কায়াকিং কৰি ভাল পায়৷ মাধুৰ্যই বৰ্তমান জাৰগেন জেকৰ জেদ ক’চিংৰ প্ৰশিক্ষণ লৈ আছে৷