গুৱাহাটী : ৰাজকন্যা বৰুৱাক ৰক্ষা কৰাৰ অভিযোগত চিকিৎসক ডাঃ নভনীল বৰুৱা গ্ৰেপ্তাৰ। দেওবাৰে দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে জি এন এই চি হাস্পতালৰ কৰ্তৃপক্ষ চিকিৎসক ডাঃ নভনীল বৰুৱাক। তিনিদিন ধৰি জেৰা চলাই অৱশেষত দিছপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে চিকিৎসক ডাঃ নভনীল বৰুৱাক।

সুৰাৰ ৰাগীত মাতাল লৈ ৯ জনকৈ লোকক মহতিয়াই নিয়া ৰাজকন্যা বৰুৱাক ছেমি আই চি ইউত ভৰ্তি কৰি চিকিৎসা প্ৰদান কৰা চিকিৎসক ডাঃ নভনীল বৰুৱাক দেওবাৰে গ্ৰেপ্তাৰ কৰে দিছপুৰ আৰক্ষীয়ে। জি এন আৰ চি হাস্পতালৰ ছেমি আই চি ইউত ৰাজকন্যা বৰুৱাক ভৰ্তি কৰিছিল হাস্পতালখনৰ কৰ্তৃপক্ষ চিকিৎসক ডাঃ নভনীল বৰুৱাই।

ৰাজকন্যা বৰুৱা অসুস্থ নথকাৰ পিছতো জি এন আৰ চি হাস্পতালৰ কৰ্তৃপক্ষ চিকিৎসক ডাঃ নভনীল বৰুৱাই ৰাজকন্যা বৰুৱাক ছেমি আই চি ইউত ভৰ্তি কৰিছিল। ইয়াৰ পিছতে ৰাজকন্যা বৰুৱাক ৰক্ষণাবেক্ষণ দিয়াৰ অভিযোগ উত্থাপন হৈছিল চিকিৎসক ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে। এই সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে চিকিৎসক গৰাকীলৈ চমন জাৰি কৰি দিছপুৰ থানাত হাজিৰ হোৱাৰ নিৰ্দেশ দিছিল।

তিনিদিন ধৰি দিছপুৰ আৰক্ষীয়ে চিকিৎসক ডাঃ নভনীল বৰুৱাক জেৰা চলাই অৱশেষত দেওবাৰে সন্ধিয়াৰ ভাগত গ্ৰেপ্তাৰ কৰে। দিছপুৰ আৰক্ষীয়ে চিকিৎসক ডাঃ নভনীল বৰুৱাৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ২০১, ২১২ আৰু ২২০(খ) ধাৰা আৰোপ কৰিছে। এই তিনিটা ধাৰাৰ ভিতৰত দুটা ধাৰা জামিনযোগ্য যদিও এটা ধাৰা জামিন অযোগ্য।