লংকা, ২৯ মেঃ লংকাৰ নখুটী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত ৩নং খাগৰীজান আহমদ নগৰৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক একে গাঁৱৰে এজন লম্পদ যুৱকে অপহৰণ কৰি ধৰ্ষণ কৰাৰ ঘটনাই অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। অভিযোগ অনুসৰি, নখুটি ৩নং খাগৰীজান আহমদ নগৰৰ এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীক শুক্ৰবাৰে দিনৰ প্ৰায় দুই বজাত টিউচনলৈ আহি থকা অৱস্থাত একে গাঁৱৰে ৰমিজ উদ্দিনে নামৰ যুৱকে বাইকত উঠাই লংকালৈ লৈ আহে আৰু আন্ধাৰ হোৱা সময়লৈকে ছাত্ৰীগৰাকীক লংকাত বাইকত লৈ ঘূৰি ফুৰে। আন্ধাৰ হোৱাৰ পাছত ছাত্ৰীগৰাকীক ৰমিজ উদ্দিনে লংকা ৰেল ষ্টেচনৰ সমীপৰ পৰিত্যক্ত জুপুৰীত নি ধৰ্ষণ কৰে। ছাত্ৰীগৰাকীক ধৰ্ষণ কৰাৰ পাছত নিচাযুক্ত ঔষধ খুৱাই লংকাৰ ৰেল ষ্টেচনলৈ নি এখন ৰেলত উঠাই লম্পট যুৱকজনে পলায়ন কৰে৷ ৰেলত গৈ থকা অৱস্থাত ছাত্ৰীগৰাকীৰ চেতনা অহাত এগৰাকী মহিলা যাত্ৰীক সকলো কথা বিৱৰি কোৱাত মহিলাগৰাকীয়ে ছাত্ৰীগৰাকীক নিজ ঘৰলৈ নি নিশাটো ৰাখি পিছদিনা পুৱাই লংকা অভিমুখী এখন ৰেলত টিকত কাটি ১00 টকাৰ খৰছ দি ঘৰলৈ পঠিয়াই দিয়ে। ঘৰলৈ আহি ছাত্ৰীগৰাকীয়ে ঘৰৰ আত্মীয়ক সমগ্ৰ ঘটনা অৱগত কৰাত পৰিয়ালৰ লোকে নখুটী আৰক্ষী পহৰা চকীত ৰমিজ উদ্দিনৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰে৷ আৰক্ষীয়ে গোচৰৰ ভিত্তিত অভিযুক্ত ৰমিজ উদ্দিনক আটক কৰে। এই ঘটনাটোক লৈ অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। লম্পট ৰমিজ উদ্দিনক উচিত শাস্তি দিবলৈ পৰিয়ালৰ লোকে আৰক্ষীক দাবী জনাইছে।