ঢেকিয়াজুলি, ২৯ মেঃ ৰাজ্যৰ শিক্ষা খণ্ডৰ অমূল উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে শিক্ষাখণ্ডৰ জৰাৰ্জীণ ৰূপটো উদঙাই ধৰিছে ঢেকিয়াজুলিৰ এখন বিদ্যালয়ে৷ ঢেকিয়াজুলি প্ৰাথমিক শিক্ষা উন্নয়ন খণ্ডৰ বৰচলা সমষ্টিৰ অন্তৰ্গত পলাশ বস্তি প্ৰাথমিক বিদ্যালয়ত বৰ্তমান দুজনী শিক্ষয়িত্রীয়ে চলিছে পাঠদান। শিক্ষয়িত্রী দুগৰাকীৰ মাজত এগৰাকী প্ৰধান শিক্ষয়িত্রী৷ প্ৰধান শিক্ষয়িত্রী গৰাকীয়ে বিদ্যালয়ৰ বিভিন্ন কামত সময় দিবলগীয়া হোৱাত আনগৰাকী শিক্ষয়িত্রীয়ে ৫ টা শ্ৰেণীত পাঠদান কৰিবলগীয়া হয়৷ কিন্তু এগৰাকী শিক্ষয়ত্ৰীয়ে ৫ টা শ্ৰেণীত পাঠদান কৰাটো কোনো প্ৰকাৰেই সম্ভৱ নহয়। যাৰ ফলত ছাত্ৰ-ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ চিন্তাম্বিত হৈ পৰিছে অভিভাৱকসকল৷ অসম চৰকাৰৰ শিক্ষা বিভাগৰ কাণ্ডজ্ঞান হীনতাৰ অভিযোগ উত্থাপন কৰি অঞ্চলটোৰ ৰাইজে ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত অন্ধকাৰৰ দিশে গতি কৰাৰ আশংকা ব্যক্ত কৰি ক্ষোভিত হৈ পৰিছে। শিক্ষয়ত্ৰীৰ অভাৱত বিদ্যালয়খনত বহু সময়ত শিক্ষাৰ্থীয়ে পাঠদান চলাবলগীয়া হৈছে। যাৰ ফলত অভিভাৱক সকলে নিজ সন্তানৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি বেচৰকাৰী বিদ্যালয়ত পঠিয়াবলৈ বাধ্য হৈছে। গুণোৎসৱ পাতি বিদ্যালয় সমূহৰ মানদণ্ড উন্নত কৰাৰ চৰকাৰে যি পদক্ষেপ লৈছিল সেয়া কিমান দূৰ সফল হ’ব তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন কৰিছে পলাশবস্তি বাসীয়ে। চৰম অনিশ্চয়তাৰ মাজত থকা বৰচলা পলাশ বস্তিৰ শিক্ষা ব্যৱস্থাৰ অধীনস্থ চৰকাৰী বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ অনুপাতে শীঘ্ৰেই শিক্ষক নিযুক্তিৰ দাবী জনাইছে অঞ্চলবাসীয়ে।