মানকাচাৰ, ২৯ মেঃ দক্ষিণ শালমাৰা মানকাচাৰ জিলাৰ উপায়ুক্ত কৰুণা কুমাৰীক জিলাখনৰ পৰা বদলি কৰাৰ দাবীত জিলাখনৰ ২০ টাকৈ সংগঠনে স্থানীয় ৰাইজৰ সহযোগত আজিৰে পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰে৷ দক্ষিণ শালমাৰা মানকাচাৰত কৰুণা কুমাৰীয়ে উপায়ুক্তৰ দায়িত্ব লাভ কৰাৰ পিছৰে পৰা জিলা খনৰ সকলো উন্নয়নমূলক কাম-কাজ স্থবিৰ হৈ পৰে৷ উপায়ুক্তগৰাকীয়ে সাধাৰণ লোকক অশালীন ব্যৱহাৰ কৰাৰ লগতে যিকোনো ব্যক্তিৰ নামত ভূৱা গোচৰ ৰুজু কৰিবলৈ আৰম্ভ কৰাৰ বুলি অভিযোগ উত্থাপন হৈছে৷ উপায়ুক্তগৰাকীয়ে সাংবাদিক সকলক দুব্যৱহাৰ কৰাৰ লগতে জিলা উপায়ুক্তৰ কাৰ্যালয়ত প্ৰৱেশ কৰাৰ ক্ষেত্ৰত বিভিন্ন প্ৰকাৰে হাৰাশাস্তি কৰি আহিছে৷ এনে উপায়ুক্ত জিলাত থাকিলে জিলাখন কেতিয়াও উন্নয়ন সম্ভব নহয় বুলি অভিযোগ তুলি উপায়ুক্তৰ বদলিকৰণৰ দাবী তুলি যোৱা ২৩ মে’ৰ পুৱা ৪ বজাৰ পৰা ২৪ ঘন্টীয়া দক্ষিণ শালমাৰা মানকাচাৰ জিলা বন্ধ কাৰ্যসূচী ৰূপায়ন কৰা হৈছিল৷ কিন্তু ইয়াৰ পিছতো প্ৰশাসন তথা চৰকাৰে উপায়ুক্তগৰাকীৰ বদলিৰ কাৰণে কোনোধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত আজিৰে পৰা সংগঠনকেইটায়ে স্থানীয় ৰাইজৰ সহযোগত পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ন কৰে৷