গুৱাহাটী, ৬ জুলাই, ২০২৩ : দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। পুনৰ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল এজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী। উৎকোচ লৈ হাতে-লোটে ধৰা পৰিল এজন চৰকাৰী কৰ্মচাৰী (Government Employee Attested)। ৬ হাজাৰ টকা উৎকোচ লৈ হাত দাঙিলে চমৰীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল।

দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীৰ বিৰুদ্ধে অব্যাহত আছে দুৰ্নীতি নিবাৰক শাখাৰ ধাৰাবাহিক অভিযান। ইজনৰ পিছত সিজন দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰী পৰিছে দুৰ্নীতি নিবাৰক শাখাৰ জালত। বিগত কিছুদিন ধৰি ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ অভিযান চলাই দুৰ্নীতি নিবাৰক শাখাই কেইবাজনো দুৰ্নীতিগ্ৰস্ত চৰকাৰী কৰ্মচাৰীক জালত পেলাবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত অধিক সংখ্যক লাট মণ্ডল। দুৰ্নীতিগ্ৰস্ত লাট মণ্ডল জালত পৰাৰ ধাৰা অব্যাহত আছে। উৎকোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পুনৰ পৰিল এজন লাট মণ্ডল।

উৎকোচ লৈ থকা অৱস্থাত হাতে-লোটে দুৰ্নীতি দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিল কামৰূপ জিলাৰ চমৰীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ এজন লাট মণ্ডল। মাত্ৰ ৬ হাজাৰ টকাৰ উৎকোচ লৈ থাকোতে ধৰা পৰে চমৰীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল জীবেশ কুমাৰ দেৱ শৰ্মা। মাটিৰ কাম কৰি দিয়াৰ বিনিময়ত লাট মণ্ডল জীবেশ কুমাৰ দেৱ শৰ্মাই এজন লোকৰ পৰা ১০ হাজাৰ টকা দাবী কৰিছিল।

জীবেশ কুমাৰ দেৱ শৰ্মাই উৎকোচ দাবী কৰা লোকজনে কাষ চাপিছিল দুৰ্নীতি নিবাৰক শাখাৰ। লোকজনৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাৰ এটা দলে অতি কৌশলেৰে জাল পেলাই উৎকোচ লৈ থকা অৱস্থাত লাট মণ্ডল জীবেশ কুমাৰ দেৱ শৰ্মাক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয়। দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে চমৰীয়া ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ লাট মণ্ডল জীবেশ কুমাৰ দেৱৰ কবলৰ পৰা উৎকোচৰ ৬ হাজাৰ টকা উদ্ধাৰ কৰি জব্দ কৰে।

দুৰ্নীতি নিবাৰক শাখাৰ দলটোৱে লাট মণ্ডল জীবেশ কুমাৰ দেৱক গ্ৰেপ্তাৰ কৰি এই উৎকোচকাণ্ড সন্দৰ্ভত থানাত দুৰ্নীতি প্ৰতিৰোধ আইন, ১৯৮৮ (২০১৮ চনত সংশোধিত)ৰ অধীনত ৫০/২০২৩ ইউ/এছ ৭(ক) নং গোচৰ ৰুজু কৰা হৈছে। এই উৎকোচকাণ্ড সন্দৰ্ভত প্ৰয়োজনীয় আইনী ব্যৱস্থাও অব্যাহত আছে। উল্লেখ্য যে বিগত সময়ছোৱাত উৎকোচ দাবী কৰি বহুকেইজন লাট মণ্ডল আৰু কেইবাজনো চৰকাৰী বিষয়া-কৰ্মচাৰী দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰিছে।