গুৱাহাটী, ৭ জুলাই, ২০২৩ : ৰাজ্য চৰকাৰে জনসাধাৰণ নিৰাপত্তা দিয়াৰ কাৰণে অসম আৰক্ষীক স্মাৰ্ট আৰক্ষী হিচাপে গঢ়ি তোলাৰ উদ্দেশ্যে গুৱাহাটীত আৰক্ষী আয়ুক্তালয় স্থাপন কৰাৰ পিছতো জনসাধাৰনক নিৰাপত্তা দিয়াৰ দুৰৰে কথা মহানগৰীৰ এখন আৰক্ষী থানাৰ এজন ভাৰপ্ৰাপ্ত বিষয়াই সৌজন্য মূলক সাক্ষাৎতো নকৰিলে একাংশ সাংবাদিকক (Journalist)। আৰক্ষী বিষয়া গৰাকীৰ এনে আচৰণক লৈ এতিয়া ক্ষোভ প্ৰকাশ কৰিছে সচেতন মহলে।

উল্লেখ্য যে, যোৱা ১৭ মে’ত সাতগাঁও আৰক্ষী থানাৰ অন্তৰ্গত তালতলা অঞ্চলত সংঘটিত হোৱা এটা দলবদ্ধ ধর্ষণৰ ঘটনাৰ বাতৰি সম্প্ৰচাৰ হোৱাৰ পিছত ৫ জুলাইত জ্যেষ্ঠ সাংবাদিক তথা পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সভাপতি ছামছুল ৰহমানে উক্ত ঘটনাৰ তথ্য বিচাৰি সাতগাঁও আৰক্ষী থানালৈ যায়। তেনে সময়তে আৰক্ষী থানৰ ভাৰপ্ৰাপ্ত বিষয়া সঞ্জীৱ কুমাৰ কানাইয়ে তেওঁক দুৰ্ব্যৱহাৰ কৰি থানাত প্ৰৱেশত বাধা দিয়ে তাৰোপৰি সাংবাদিক গৰাকীৰ হাতত থকা মোবাইল ফোনটো কাঢ়ি নি তালাচী চলাই।

পিছত আৰক্ষী বিষয়া গৰাকীয়ে সাংবাদিকক কৰা এনে ব্যৱহাৰৰ কথা সদৰী হোৱাৰ পিছত শুকুৰবাৰে (৭ জুলাই) দিনৰ ভাগত পূব গুৱাহাটী প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি গকুল তালুকদাৰ আৰু সাধাৰণ সম্পাদক মনোজ কুমাৰ ডেকাৰ নেতৃত্বত যোৱা সাংবাদিকৰ এটা সজাতি দলে আৰক্ষী বিষয়া গৰাকীক দুৰ্ব্যৱহাৰ কৰা ঘটনা সন্দৰ্ভত বুজ লোৱাৰ অৰ্থে আৰু আৰক্ষী বিষয়া গৰাকীক সাক্ষাৎ কৰিবলৈ থানাত উপস্থিত হয়। সাংবাদিকৰ দলটোৱে ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীক সাক্ষাৎতৰ অনুমতি বিচৰাৰ সময়তে আৰক্ষী বিষয়া গৰাকীয়ে সাংবাদিক সকলৰ কেমেৰা, ল’গ, বেগ আদি থানাৰ বাহিৰত থৈ আহিবলৈ কৈ পঠিয়াই।

সাংবাদিকৰ দলটোৱে সেই মতে কেমেৰা ল’গ বেগ আদি থানাৰ অন্য এটা কোঠাত থৈ আৰক্ষী বিষয়া গৰাকীক সাক্ষাৎ কৰিব বিচাৰে। এইবাৰ আকৌ আৰক্ষী বিষয়া গৰাকীয়ে সাংবাদিকৰ দলটোক কেমেৰা ল’গ বেগ আদি থানা চৌহদৰ পৰা সম্পুৰ্ণ বাহিৰত ৰখাৰ বাবে অন্য এজন আৰক্ষীৰ জৰিয়তে নিৰ্দেশ দিয়ে। ইয়াৰ পিছত আকৌ সাংবাদিকৰ দলটোক তেওঁলোকৰ মোবাইল সমূহ বাহিৰত থৈ অহাৰ বাবে নিৰ্দেশ দিয়ে আৰক্ষী বিষয়া গৰাকীয়ে।

এনেদৰে ইচ্ছাকৃতভৱে বিভিন্ন অজুহাতেৰে প্ৰায় ১ ঘণ্টাৰ অধিক সময় সাংবাদিকৰ দলটোক বাহিৰত ৰখাই থোৱাত অতিষ্ট হৈ সাংবাদিকৰ দলটোয়ে থানাৰ পৰা অপদস্ত হৈ ওলাই আহিবলৈ বাধ্য হয়। ইপিনে সাতগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ এনে দূৰ্ব্যবহাৰৰ উচিত তদন্ত বিচাৰি পূব গুৱাহাটী প্ৰেছ ক্লাবৰ তৰফৰ পৰা মূখ্যমন্ত্ৰী, আৰক্ষী সঞ্চালক প্ৰধান আৰু গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তলৈ অভিযোগ পত্ৰ প্ৰদান কৰে।

আনহাতে পূব গুৱাহাটী প্ৰেছ ক্লাবৰ সন্মানীয় সভাপতি তথা এগৰাকী জ্যেষ্ঠ সাংবাদিকক কৰ্মৰত অৱস্থাত বিনা কাৰণত আৰক্ষী বিষয়া এগৰাকী অপদস্থ কৰা কাৰ্যক তীব্ৰ ভাষাৰে গৰিহণা দিছে নাৰেঙ্গী বনিক সন্থা, নাৰেঙ্গী দুৰ্গা পূজা সমিতি, নাৰেঙ্গী উন্নয়ন সমিতি, নাৰেঙ্গী ছাত্ৰ সন্থা, জু-নাৰেঙ্গী ছাত্ৰ সন্থা, নুনমাটি ছাত্ৰ সন্থা, সাতগাঁও ছাত্ৰ সন্থাকে ধৰি আন কেইবাটাও সামাজিক সংগঠনে। এই সন্দৰ্ভত পূব গুৱাহাটী প্ৰেছ ক্লাবে অতি শীঘ্ৰেই অঞ্চলটোৰ বিভিন্ন দল সংগঠনক লৈ এখন জৰুৰী সভাৰ অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহন কৰা বুলি জানিবলৈ দিয়ে পূব গুৱাহাটী প্ৰেছ ক্লাবৰ নেতৃবৃন্দই।