কলগাছিয়াৰ : কলগাছিয়াৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীয়ে শ্ৰেণী বৰ্জন কৰি সাব্যস্ত কৰে প্ৰতিবাদ। শিক্ষক নিযুক্তিৰ দাবীত ছাত্ৰ-ছাত্ৰীয়ে সাব্যস্ত কৰে প্ৰতিবাদ। বিদ্যালয়খনৰ ১৪ জনকৈ শিক্ষক অৱসৰ গ্ৰহণ কৰাৰ পিছত নিযুক্তি হোৱা নাই শিক্ষকৰ।

বৰপেটা জিলাৰ এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ প্ৰতিবাদ।বিদ্যালয়খনত ৫০০ ছাত্ৰ-ছাত্ৰী আছে যদিও নাই ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষক। যাৰ ফলত ছাত্ৰ-ছাত্ৰী সকলে সাব্যস্ত কৰে প্ৰতিবাদ। এই বিদ্যালয়খন হৈছে বৰপেটা জিলা অধিবিদ্যা পৰিষদৰ অন্তৰ্গত বাংকাভাংগা বি টি হাই স্কুল।

১৯৭৯ চনত স্থাপিত এই বিদ্যালয়খনৰ ১৪ জন শিক্ষকে অৱসৰ গ্ৰহণ কৰাত সম্প্ৰতি ৫ জন শিক্ষকে ৫ শতাধিক ছাত্ৰ-ছাত্ৰীৰ মাজত চলাই আছে পাঠদান। সম্প্ৰতি বিদ্যালয়খনত নাই বিজ্ঞান, হিন্দী, এৰাবিক, কম্পিউটাৰ আদিকে ধৰি কেইবাটাও বিষয়ৰ শিক্ষক।

উপযুক্ত শিক্ষাৰ পৰা বঞ্চিত ছাত্ৰ-ছাত্ৰী সকলে শ্ৰেণী বৰ্জন কৰি বিদ্যালয়খনত শিক্ষক নিযুক্তিৰ বাবে শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰীৰ ওচৰত দাবী জনাইছে। বিদ্যালয়খনত অতি শীঘ্ৰে শিক্ষক নিযুক্তিৰ দাবীত ছাত্ৰী-ছাত্ৰীৰ লগতে বিদ্যালয়খনৰ প্ৰধান শিক্ষক, বাংকাভাংগা ছোচিও কালচাৰেল ৰেভলেশ্বন স্বেচ্ছাসেৱী সংগঠনৰ সদস্যৰ লগতে স্থানীয় ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰে।