গুৱাহাটী, ১৩ ছেপ্টেম্বৰঃ ভাৰতৰ আগশাৰীৰ বিত্তীয় সেৱা কোম্পানী এল এণ্ড টি ফাইনেন্স হােল্ডিঙছে অসমত ক্ষুদ্র ঋণ ব্যৱসায় মুকলিৰ কথা ঘোষণা কৰে। কোম্পানীয়ে অসমত ৫০,০০০ মহিলা উদ্যমীৰ বাবে জীৱিকা সৃষ্টিৰ লক্ষ্যৰে চলিত বিত্তীয় বৰ্ষত ৭ৰ পৰা ৮ খন জিলা সামৰি ৪০টা মিটিং চেণ্টাৰ মুকলি কৰিব। অসমৰ প্ৰথমটাে কেন্দ্র গুৱাহাটীৰ সমীপৱৰ্ত্তী মির্জাত খোলাৰ কাৰণে কোম্পানীয়ে সিদ্ধান্ত লৈছে৷ গুৱাহাটীত আয়োজিত সংবাদমেলত অসমত ক্ষুদ্র ঋণ ব্যৱসায় মুকলিৰ কথা ঘোষণা কৰি এল এণ্ড টি ফাইনেন্স হােল্ডিঙছৰ গ্ৰাম্য বিত্তীয়ৰ মুখ্য কাৰ্যবাহী আৰু মুখ্য মানৱ সম্পদ বিষয়া সুনীল প্রভুনেই কয় যে, অসমত দুচকীয়া ব্যৱসায়ৰ সৰ্ববৃহৎ বিত্তীয় যোগান ধৰােতাসকলৰ মাজত ক্ষুদ্র ঋণ সঞ্চালনাৰে অগ্রণী বিত্তীয় সেৱা কোম্পানীৰ ৰূপত নিজকে প্রতিষ্ঠা কৰাই আমাৰ লক্ষ্য। অসম ক্ষুদ্র ঋণ ব্যৱসায়ৰ ক্ষেত্ৰত শীর্ষ ১০খন বজাৰৰ ভিতৰত অন্যতম আৰু অসমৰ গ্ৰাহকসকলে উৎকৃষ্ট ঋণ পৰিশোধৰ ট্ৰেক ৰেকর্ড কৰিছে। ইয়ে আমাক অসমত ব্যৱসায় কৰিবলৈ স্পষ্টভাৱে আত্মবিশ্বাস যোগাইছে। উল্লেখ্য যে, চলিত বৰ্ষৰ ৩০ জুনৰ তথ্য মতে, ২২.৫ লাখ গ্রাহক আধাৰেৰে এল এণ্ড টি ফাইনেন্স হােল্ডিঙছৰ ক্ষুদ্র ঋণ বুকৰ পৰিমাণ ৩,৮১২ কোটি টকা। কোম্পানীয়ে আয় সৃষ্টি সম্পদ নির্মাণ কৰিবলৈ মহিলা ক্ষুদ্র উদ্যোগীক সৱলীকৰণ কৰিছে আৰু প্রত্যেক মাহত ১ লাখৰ পৰা ১.২৫ লাখ নতুন গ্রাহকলৈ সম্প্রসাৰিত কৰিছে। এল এণ্ড টি ফাইনেন্স হােল্ডিঙে বর্তমান তামিলনাডু, পশ্চিমবংগ, উৰিষ্যা, মহাৰাষ্ট্র, কর্ণাটক, কেৰেলা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, গুজৰাট আৰু ছত্তীশগড়ৰ ৭১১ মিটিং কেন্দ্ৰৰ মাধ্যমত সঞ্চালনা কৰি আছে আৰু অতিৰিক্ত ভৌগলিক স্থানলৈ সম্প্রসাৰণৰ পৰিকল্পনা কৰিছে।
