এলএণ্ডটি ফাইনেন্স হােল্ডিঙছৰ অসমত ক্ষুদ্র ঋণ ব্যৱসায় মুকলিঃ প্ৰথম বৰ্ষত ৫০,০০০ মহিলা উদ্যমীৰ জীৱিকা সৃষ্টিৰ লক্ষ্য

In ব্যৱসায়

গুৱাহাটী, ১৩ ছেপ্টেম্বৰঃ ভাৰতৰ আগশাৰীৰ বিত্তীয় সেৱা কোম্পানী এল এণ্ড টি ফাইনেন্স হােল্ডিঙছে অসমত ক্ষুদ্র ঋণ ব্যৱসায় মুকলিৰ কথা ঘোষণা কৰে। কোম্পানীয়ে অসমত ৫০,০০০ মহিলা উদ্যমীৰ বাবে জীৱিকা সৃষ্টিৰ লক্ষ্যৰে চলিত বিত্তীয় বৰ্ষত ৭ৰ পৰা ৮ খন জিলা সামৰি ৪০টা মিটিং চেণ্টাৰ মুকলি কৰিব। অসমৰ প্ৰথমটাে কেন্দ্র গুৱাহাটীৰ সমীপৱৰ্ত্তী মির্জাত খোলাৰ কাৰণে কোম্পানীয়ে সিদ্ধান্ত লৈছে৷ গুৱাহাটীত আয়োজিত সংবাদমেলত অসমত ক্ষুদ্র ঋণ ব্যৱসায় মুকলিৰ কথা ঘোষণা কৰি এল এণ্ড টি ফাইনেন্স হােল্ডিঙছৰ গ্ৰাম্য বিত্তীয়ৰ মুখ্য কাৰ্যবাহী আৰু মুখ্য মানৱ সম্পদ বিষয়া সুনীল প্রভুনেই কয় যে, অসমত দুচকীয়া ব্যৱসায়ৰ সৰ্ববৃহৎ বিত্তীয় যোগান ধৰােতাসকলৰ মাজত ক্ষুদ্র ঋণ সঞ্চালনাৰে অগ্রণী বিত্তীয় সেৱা কোম্পানীৰ ৰূপত নিজকে প্রতিষ্ঠা কৰাই আমাৰ লক্ষ্য। অসম ক্ষুদ্র ঋণ ব্যৱসায়ৰ ক্ষেত্ৰত শীর্ষ ১০খন বজাৰৰ ভিতৰত অন্যতম আৰু অসমৰ গ্ৰাহকসকলে উৎকৃষ্ট ঋণ পৰিশোধৰ ট্ৰেক ৰেকর্ড কৰিছে। ইয়ে আমাক অসমত ব্যৱসায় কৰিবলৈ স্পষ্টভাৱে আত্মবিশ্বাস যোগাইছে। উল্লেখ্য যে, চলিত বৰ্ষৰ ৩০ জুনৰ তথ্য মতে, ২২.৫ লাখ গ্রাহক আধাৰেৰে এল এণ্ড টি ফাইনেন্স হােল্ডিঙছৰ ক্ষুদ্র ঋণ বুকৰ পৰিমাণ ৩,৮১২ কোটি টকা। কোম্পানীয়ে আয় সৃষ্টি সম্পদ নির্মাণ কৰিবলৈ মহিলা ক্ষুদ্র উদ্যোগীক সৱলীকৰণ কৰিছে আৰু প্রত্যেক মাহত ১ লাখৰ পৰা ১.২৫ লাখ নতুন গ্রাহকলৈ সম্প্রসাৰিত কৰিছে। এল এণ্ড টি ফাইনেন্স হােল্ডিঙে বর্তমান তামিলনাডু, পশ্চিমবংগ, উৰিষ্যা, মহাৰাষ্ট্র, কর্ণাটক, কেৰেলা, মধ্যপ্ৰদেশ, উত্তৰ প্ৰদেশ, গুজৰাট আৰু ছত্তীশগড়ৰ ৭১১ মিটিং কেন্দ্ৰৰ মাধ্যমত সঞ্চালনা কৰি আছে আৰু অতিৰিক্ত ভৌগলিক স্থানলৈ সম্প্রসাৰণৰ পৰিকল্পনা কৰিছে।

Comments

comments

You may also read!

সোণাপুৰত ভাৰতীয় জনতা পাৰ্টীৰ বিশাল নিৰ্বাচনী সভা

সোণাপুৰ, সংবাদ ৩৬৫, ১৮ এপ্ৰিল : সোণাপুৰত বৃহস্পতিবাৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজিপিয়ে নিৰ্বাচনী প্ৰচাৰ সভা অনুষ্ঠিত কৰে ।

Read More...

গুৱাহাটী চিটী এফ চি (জি চি এফ চি)ৰ প্ৰথম আনুষ্ঠানিক জাৰ্চিৰ উন্মোচন

গুৱাহাটী, সংবাদ ৩৬৫, ১৮ এপ্ৰিল : গুৱাহাটী চিটী এফ চিৰ প্ৰথম আনুষ্ঠানিক জাৰ্চি বৃহস্পতি বাৰে নেহেৰু ষ্টুডিয়ামৰ চেম্পিয়ন ফুড

Read More...

কংগ্ৰেছী সকলে পুৰণা কেছেট বজাই লাভ নাই, কংগ্ৰেছীসকলৰ বহুত পুৰণা কেছেট আছে – আশ্ৰাফুল মামুন

কলগাছিয়া, সংবাদ৩৬৫, ১৮ এপ্ৰিল: এ আই ইউ ডি এফৰ জনীয়া সমষ্টি কমিটিৰ প্ৰাক্তন সভাপতি খন্দ আশ্ৰাফুল মামুনে কালি এক

Read More...

Mobile Sliding Menu