গুৱাহাটী, ১৩ ছেপ্তেম্বৰঃ কামৰূপ মহানগৰ আৱকাৰী বিভাগে যোৱা নিশা মহানগৰীৰ ফটাশিলত অভিযান চলাই পাঁচশ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰে৷ প্ৰাপ্ত তথ্য মতে, কামৰূপ মহানগৰ আৱকাৰী অধীক্ষকৰ তত্বাৱধানত তথা আৱকাৰী পৰিদৰ্শক কুল প্ৰসাদ দাসৰ নেতৃত্বত আৱকাৰী দলে ভৰলুমুখ থানাৰ অন্তৰ্গত ফটাশিলত সন্ধিয়া অভিযান চলায়৷ অভিযানৰ সময়ত  আৱকাৰী দলটোৱে বুজন পৰিমাণৰ চুলাই মদ জব্দ কৰাৰ লগতে সাতজন লোককো আটক কৰে। আৱকাৰী দলটোৱে সদৰি কৰা মতে এই অভিযানৰ সময়ত প্রায় পাঁচশ লিটাৰ অবৈধ চুলাই মদ জব্দ কৰা কৰা হয়। লগতে আৱকাৰী দলটোৱে ফটাশিলৰ কেইবাটাও অবৈধ চুলাই মদৰ ভাটি উচ্ছেদ কৰে।