গোলাপাৰা : ৰাজ্যৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে হাতী আৰু মানুহৰ সংঘাত। খাদ্যৰ সন্ধানত বনাঞ্চলৰৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে কেইবাখনো জিলাত সন্ত্ৰাস চলাই আছে। বনৰীয়া হাতীয়ে সন্ত্ৰাস চলাই থকা জিলা সমূহৰ ভিতৰত অন্যতম হৈছে গোলাপাৰা জিলা।গোৱালপাৰা জিলাৰ বিভিন্ন অঞ্চলত বনৰীয়া হাতীৰ সন্ত্ৰাস বিগত সময়ছোৱাত ভয়াবহভাৱে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

জিলাখনৰ মেঘালয়ৰ সীমান্তৱৰ্তী গাঁও সমূহত প্ৰায়ে বনৰীয়া হাতী প্ৰৱেশ কৰি মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে পথাৰৰ ধান খাই তহিলং কৰি তাণ্ডৱ চলায়। বনৰীয়া হাতীৰ আক্ৰমণত ইতিমধ্যে বহু লোকে প্ৰাণ হেৰুৱাইছে গোৱালপাৰাৰ মেঘালয়ৰ সীমান্তৱৰ্তী গাঁও সুমহত। জিলাখনত হাতী আৰু মানুহৰ সংঘাতৰ ফলত কেৱল মানুহৰে ক্ষতি হৈছে তেনে নহয় এই সংঘাতৰ ভয়ংকৰ পৰিমাণ ভোগ কৰিব লগীয়া হৈছে বনৰীয়া হাতীয়ে।

গোৱালপাৰা জিলাৰ মেঘালয় সীমান্তৱৰ্তী অঞ্চল সমূহত বনাঞ্চল ধ্বংসৰ ফলতে জিলাখনত বৃদ্ধি পাইছে হাতী আৰু মানুহৰ সংঘাত। বিচৰণস্থলী আৰু খাদ্যৰ অভাৱৰ বাবেই জনাঞ্চলত প্ৰৱেশ কৰিবলৈ বাধ্য হৈছে বনৰীয়া হাতী। জিলাখনত দীর্ঘদিন ধৰি হাতীৰ লগত সংঘাত কৰিয়ে মানুহে বসবাস কৰি আছে যদিও এই সংঘাতৰ ভয়াবহ পতিনাম উভয়ে ভোগ কৰি আছে।

গোৱালপাৰা জিলা বিভিন্ন অঞ্চলত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকে জনাঞ্চলত প্ৰৱেশ কৰি মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে মানুহক আক্ৰমণ কৰি সন্ত্ৰাস চলাই থকাৰ মাজতে বৃহস্পতিবাৰে পুৱাৰ ভাগত সংঘটিত হৈছে এক কৰুণ ঘটনা। বনৰীয়া হাতীৰ আক্ৰমণত গোৱালপাৰাত পুনৰ প্ৰাণ হেৰুৱাইছে দুজন লোকে।

এই কৰুণ ঘটনা সংঘটিত হৈছে ৰংজুলি আৰক্ষী থানাৰ অন্তৰ্গত দেউলগুৰিত। পুৱাৰ ভাগত ধাননি পথাৰলৈ যোৱা লোক দুজনক আক্ৰমণ চলায় দুটাকৈ বনৰীয়া হাতীয়ে। হাতীৰ আক্ৰমণত নিহত হোৱা লোক দুজন যামিনী খাখলাৰী আৰু মোহিনী মোহন বাসুমতাৰী বুলি জানিব পৰা গৈছে। ঘটনাৰ খবৰ পাই বন বিভাগ আৰু আৰক্ষীৰ লোক ঘটনাস্থলীত উপস্থিত হৈ লোক দুজনৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

জানিব পৰা মতে বনৰীয়া হাতীৰ এটা বৃহৎ জাকে অঞ্চলটোত বিগত কিছুদিন ধৰি বিচৰণ কৰি আছে। এই জাকটোৰ পৰা ফালৰি কাটি অহা বনৰীয়া হাতী দুটাই পথাৰত যামিনী খাখলাৰী আৰু মোহিনী মোহন বাসুমতাৰীক আক্ৰমণ কৰে। বনৰীয়া হাতীৰ জাকটো বৰ্তমানেও অঞ্চলটোত বিচৰণ কৰি আছে। বন বিভাগে বনৰীয়া হাতীৰ জাকটোক খেদি পঠিয়াবলৈ চেষ্টা অব্যাহত ৰাখিছে।

উল্লেখ্য যে কিছুদিন পূৰ্বে গোৱালপাৰা জিলাৰ লক্ষীপুৰত পুখুৰীত পৰি আৱদ্ধ হৈ পৰিছিল ৫ টাকৈ বনৰীয়া হাতী। যোৱা ২ ডিচেম্বৰৰ নিশাৰ ভাগত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাক এটাৰ ৫ টাকৈ বনৰীয়া হাতী পুখুৰীত পৰি আৱদ্ধ হৈ পৰিছিল। পৰৱৰ্তী সময়ত বন বিভাগে বনৰীয়া হাতী ৫ টাক পুখুৰীৰ পৰা উদ্ধাৰ কৰিছিল। এই ঘটনাৰ সংঘটিত হৈছিল ৩ ডিচেম্বৰৰ নিশা। এইবাৰ ৬ টাকৈ বনৰীয়া হাতী পৰিছিল পুখুৰীত।