গুৱাহাটী, জুলাইঃ গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া ১৭ বছৰ অনুর্ধ ফিফা বিশ্বকাপ২০১৭ৰ ট্ৰফী সৰুসজাই ষ্টেডিয়ামত মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মুকলি কৰে৷ মুখ্যমন্ত্ৰীয়ে ট্ৰফীটো মুকলি কৰি ভাষণ প্ৰসংগত কয় যে, ১৭ বছৰ অনুর্ধ ফিফা বিশ্বকাপ২০১৭ৰ মুঠ ৯খন খেল গুৱাহাটীত অনুষ্ঠিত হ’ব৷ ফিফা বিশ্বকাপে ৰাজ্যৰ ক্ৰীড়া খণ্ডক প্ৰভাৱাম্বিত কৰাৰ লগতে যুৱ প্ৰজন্মকো ক্ৰীড়া ক্ষেত্ৰত আগবাঢ়ি যোৱাত উৎসাহিত কৰিব৷ তেওঁ লগতে কয় যে ইতিমধ্যে ৰাজ্য চৰকাৰে ৫০০খন খেলপথাৰৰ আধুনিকীকৰণ কৰাৰ সিদ্ধান্ত লৈছে৷ এই খেলপথাৰসমূহৰ আন্তঃগাঁঠনিৰ লগতে আধুনিক প্ৰযুক্তিও উপলব্ধ কৰা হ’ব৷ মুখ্যমন্ত্ৰীয়ে ১৭ বছৰ অনুর্ধ ফিফা বিশ্বকাপ আয়োজনত সকলোৰে সহযোগিতাৰ কামনা কৰে৷ অনুষ্ঠানত মুখ্যমন্ত্ৰী সোনোৱালৰ লগতে ক্ৰীড়ামন্ত্ৰী নৱ কুমাৰ দলে, ফিফাৰ টুৰ্ণামেণ্ট আৰু ডাইৰেক্টৰ জেভিয়াৰ চেপ্পী, আনন্দ প্ৰকাশ তিৱাৰী, অশুতোষ অগ্নিহোত্ৰীকে ধৰি কেবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷