বৰপেটা : ব্ৰহ্মপুত্ৰ নদী সাঁতুৰী নিশা বৰপেটা চহৰ ত্যাগ কৰিলে বনৰীয়া হাতী দুটাই। বৰপেটা চহৰত বিচৰণ কৰি থকা বনৰীয়া হাতী দুটাই নিশা বৰপেটা চহৰ ত্যাগ কৰি কেতেকী চৰত প্ৰৱেশ কৰে। বনৰীয়া হাতী দুটাই সম্প্ৰতি কেতেকী চৰত বিচৰণ কৰি আছে। 

দেওবাৰে নিশাৰ ভাগত বৰপেটা চহৰত প্ৰৱেশ কৰিছিল দুটাকৈ বনৰীয়া হাতী। সোমবাৰে হাতী দুয়াই বৰপেটা চহৰত মুক্ত বিচৰণ কৰাত ৰাইজ আতংকিত হৈ পৰে। পৰৱৰ্তী সময়ত বন বিভাগৰ লোকে দিনটো হাতী দুটাক খেদি পঠিয়াবলৈ চেষ্টা চলায়। নিশাৰ ভাগত হাতী দুটা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰী বৰপেটা চহৰ ত্যাগ কৰে।

বৰপেটা চহৰৰ পৰা ব্ৰহ্মপুত্ৰ নদী সাঁতুৰী বনৰীয়া হাতী দুটা উপস্থিত হয় কেতেকী চৰত। বৰ্তমান দুটাকৈ বনৰীয়া হাতীৰ মুক্ত বিচৰণক লৈ কেতেকী চৰৰ ৰাইজৰ মাজত এক আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। কেতেকী চৰত বনৰীয় হাতী দুটাৰ আক্ৰমণত এজন লোক গুৰুত্বৰভাৱে আহত হৈছে।

বঙাইগাও জিলাৰ কাকৈজানা সংৰক্ষিত বনাঞ্চলৰ পৰা ওলাই অহা হাতী দুটাই সোমবাৰে বৰপেটা চহৰত বাহৰ পাতি আতংকৰ সৃষ্টি কৰিছিল। হাতীৰ আক্ৰমণত এজন বন কর্মীও আহত হৈছিল। নিশা বৰপেটা চহৰ ত্যাগ কৰি বনৰীয়া হাতী দুটা কেতেকী চৰত উপস্থিত হয়।