মাজুলী, ২২ মেঃ মুখ্যমন্ত্ৰী সমষ্টি মাজুলীৰ গাঁও পঞ্চায়তসমূহত এনৰেগা আঁচনিৰ নামত চলিছে ব্যাপক লুণ্ঠন। জৱকাৰ্ড শ্ৰমিকসকলক অন্ধকাৰত ৰাখি পঞ্চায়ত সমূহৰ একাংশ  দুৰ্নীতিগ্ৰস্ত সভাপতি, ৱাৰ্ড মেম্বাৰ আৰু চু এচ পিয়ে  আত্মসাৎ কৰিছে উন্নয়নৰ পুঁজিৰ। শেহতিয়াকৈ মাজুলী দক্ষিনপাট গাঁও পঞ্চায়তত সংঘটিত হৈছে ভয়াৱহ লুণ্ঠনৰ। পঞ্চায়তটোৰ ৩ নং ৱাৰ্ডৰ কলিতা গাঁৱৰ পৰা দক্ষিনপাট সত্ৰৰ পথৰ  নিৰ্মানৰ বাবে আবন্টিত পুঁজিৰ আত্মসাৎৰ অভিযোগ উত্থাপন হৈছে৷ প্ৰাপ্ত তথ্য অনুসৰি, কলিতা গাঁৱৰ পৰা দক্ষিনপাট সত্ৰৰ পথৰ নিৰ্মানৰ বাবে ৭,২৫,৮২২ টকা আবন্টন দিয়া হৈছিল। মাটিৰ অভাৱত জৱকাৰ্ড শ্ৰমিকৰ সলনি ব্যৱহাৰ কৰা হৈছিল টেক্টৰৰ। কিন্তু তাৰেই সুবিধা লৈ পঞ্চায়ত সভানেত্ৰী, ৱাৰ্ড সদস্য আৰু বেংক চি এচ পি মিলি শ্ৰমিকৰ অজ্ঞাতে কেবা লাখ টকা বেংকৰ পৰা উলিয়াই আত্মসাৎ কৰে। মাষ্টাৰোলত শ্ৰমিকৰ চহী নোলোৱাকৈ  ভুৱা চহীৰে প্ৰায় ডেৰ লক্ষাধিক টকা সৰকাই শ্ৰমিকৰ ৰোষত পৰিছে পঞ্চায়তৰ প্ৰতিনিধি। শ্ৰমিক সকলে এই কথা জানিব পাৰি দক্ষিনপাট পঞ্চায়তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। পঞ্চায়তৰ সভানেত্ৰীয়ে শ্ৰমিকৰ ক্ষোভৰ কথা জনাৰ লগে লগে পলায়ন কৰে। শ্ৰমিকসকলে এই ঘটনাৰ তদন্তৰ দাবী জনাই দোষীক শীঘ্ৰে কৰায়ত্বৰ দাবী জনায়৷