নতুন দিল্লী, ২২ মেঃ অচিৰেই ভাৰতবাসীয়েও বিশ্বৰ অন্যান্য দেশৰ দৰেই পাব ইণ্টাৰনেটৰ গতি৷ দেশত ইণ্টাৰনেটৰ গতি বৃদ্ধি কৰাৰ উদ্দেশ্যে অহা ১৮ মাহৰ ভিতৰত ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ইছৰ’) তিনিটাকৈ কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰিব। ইছৰ’ৰ অধ্যক্ষ কিৰণ কুমাৰে প্ৰকাশ কৰা মতে ইয়াৰে জি ছোট-১৯ উপগ্ৰহটাে জুনত আৰু ইয়াৰ পৰৱতী পর্যােয়ত জি ছোট-১১ আৰু জি ছেট-২০ উৎক্ষেপণ কৰা হ’ব। এই কৃত্রিম উপগ্রহসমূহে মাল্টিপল স্পার্ট বীমাৰ জৰিয়তে দেশৰ ইণ্টাৰনেটৰ গতিৰ ক্ষেত্ৰত অভূতপূর্ব পৰিবর্তন আনিবলৈ সক্ষম হ’ব। উল্লেখ্য যে ইণ্টাৰনেটৰ গতিৰ ক্ষেত্ৰত ভাৰতৰ স্থান বিশ্বৰ ভিতৰত ১০৫ সংখ্যক৷ ভাৰতত ইণ্টাৰনেটৰ গড় বেগ ৪.১ এম বি পি এছ হােৱাৰ বিপৰীতে দক্ষিণ কোৰিয়াত ২৬.৩ এম বি পি এছ, হংকঙত ২০ এম বি পি এছ, চীনত ৫.৭ এম বি পি এছ আৰু শ্ৰীলংকাত ৬ এম বি পি এছ।