ৰূপহীহাট : দৈনিক বজাৰত পূৰ্বৰ পত্নীক চোকা অস্ত্ৰৰে আক্ৰমণ এজন লোকৰ। ৰূপহী দৈনিক বজাৰত দিন দুপৰতে সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা। কথমপি চোকা অস্ত্ৰৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিলে আক্ৰমণকাৰী লোকজনৰ পূৰ্বৰ পত্নী।

নগাঁও জিলাৰ ৰূপহীহাটৰ ৰূপহী দৈনিক বজাৰত বৃহস্পতিবাৰে দিন দুপৰতে এক চাঞ্চল্যকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয়। মইনুদ্দিনৰ নামৰ এজন লোকে পূৰ্বৰ পত্নীক দৈনিক বজাৰতে চোকা অস্ত্ৰৰে আক্ৰমণৰ অপচেষ্টা চলায়। মইনুদ্দিনৰ আক্ৰমণৰ পৰা কথমপি ৰক্ষা পৰে মইনুদ্দিনৰ পূৰ্বৰ পত্নী।

জানিব পৰা মতে মইনুদ্দিনৰ পূৰ্বৰ পত্নীয়ে সম্পত্তি বিক্ৰী কৰি লাভ কৰা ধনৰ অংশ মইনুদ্দিনক নিদিয়াৰ বাবেই মইনুদ্দিনে এইদৰে আক্ৰমণ চলায়। পূৰ্বৰ পত্নী মইনুদ্দিনৰ আক্ৰমণৰ পৰা ৰক্ষা পৰাত মইনুদ্দিনে পূৰ্বৰ পত্নীৰ ভাতৃ ৰুস্তুম আলীক চোকা অস্ত্ৰৰে আক্ৰমণ কৰে।

মইনুদ্দিনৰ চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুত্বৰভাৱে আহত হয় ৰুস্তম আলী। আহত ৰুস্তম আলীক ৰাইজে উদ্ধাৰ কৰি চিকিৎসালয় লৈ প্ৰেৰণ কৰে। ৰাইজে মইনুদ্দিনক আটক কৰি উত্তম মাধ্যম সোধাই আৰক্ষীক গতাই দিয়ে। এই ঘটনাই অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।