মৰিগাঁও : দুৰ্নীতিৰ বিৰুদ্ধে অব্যাহত আছে ৰাজ্য চৰকাৰৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান। হাইলাকান্দি সদৰ আৰক্ষী থানাৰ আৰক্ষী উপ-পৰিদৰ্শক সুধন্য ভট্টাচাৰ্যক ৰঙা ঘৰলৈ চালনা দিয়াৰ পিছত দুৰ্নীতি নিবাৰক শাখাই জালত পেলালে মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ মীন বিভাগৰ জ্যেষ্ঠ সহায়ক হৰেন কুমাৰ নাথক।

বৃহস্পতিবাৰে মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত দুৰ্নীতি নিবাৰক শাখাই অভিযান চলাই উৎকোচ লৈ থকা অৱস্থাত হাতে লোতে আটক কৰে মীন বিভাগৰ জ্যেষ্ঠ সহায়ক হৰেন কুমাৰ নাথক। মৰিগাঁও জিলা বিজেপিৰ সাধাৰণ সম্পাদক ৰাম প্ৰসাদ সৰকাৰৰ পৰা ৩ হাজাৰ ৫ শ টকা উৎকোচ লৈ থকাৰ অৱস্থাত হাতে লোত দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে মীন বিভাগৰ জ্যেষ্ঠ সহায়ক হৰেন কুমাৰ নাথ।

মৰিগাঁও গৰঙা নামৰ এখন বিলৰ বাবে নিবিদাৰ আবেদন কৰিছিল ৰাম প্ৰসাদ সৰকাৰসহ কেইজনমান লোক। নিবিদা লাভ নকৰাত নিবিদাৰ অন্তত আমানতৰ ১ লাখ ৭৫ হাজাৰ টকা ঘূৰাই পাবলৈ আবেদন কৰিছিল ৰাম প্ৰসাদ সৰকাৰে। উক্ত ধন মুকলাই দিয়াৰ নামত হৰেন কুমাৰ নাথ নামৰ মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ৰ মীন বিভাগৰ জ্যেষ্ঠ সহায়কজনে ৫ হাজাৰ টকা উৎকোচ দাবী কৰিছিল।

অৱশেষত নিবিদাৰ আমানত ধন ঘূৰাই দিয়াৰ বাবে ৰাম প্ৰসাদ সৰকাৰৰ লগত ৪ হাজাৰ টকাত দৰদাম চূড়ান্ত হোৱাত উৎকোচৰ ৫ শ টকা আগধন হিচাপে লয় হৰেন কুমাৰ নাথে। ইয়াৰ পিছতে ৰাম প্ৰসাদ সৰকাৰে মৰিগাঁও আৰক্ষী অধীক্ষকক অৱগত কৰে সমগ্ৰ ঘটনা আৰু আৰক্ষী অধীক্ষকৰ তৎপৰতাত দুৰ্নীতি নিবাৰক শাখাত ভুক্তভোগী ৰাম প্ৰসাদ সৰকাৰে অভিযোগ দাখিল কৰে।

ৰাম প্ৰসাদ সৰকাৰ অভিযোগৰ ভিত্তিত দুৰ্নীতি নিবাৰক শাখাই মৰিগাঁও উপায়ুক্ত কাৰ্যালয়ত হাতে লোতে ৩ হাজাৰ ৫ টকা উৎকোচ লৈ থকা অৱস্থাত জ্যেষ্ঠ সহায়কজনক গ্ৰেপ্তাৰ কৰে। উল্লেখ্য যে বুধবাৰে হাইলাকান্দি সদৰ আৰক্ষী থানাৰ আৰক্ষী উপ-পৰিদৰ্শক সুধন্য ভট্টাচাৰ্যক।দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল। ৫ হাজাৰ টকা উৎকোচ লৈ থকা অৱস্থাত হাতে লোতে দুৰ্নীতি নিবাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল সুধন্য ভট্টাচাৰ্যক।