গুৱাহাটী : মহানগৰীৰ মাজ মজিয়াত থকা ঐতিহাসিক দীঘলীপুখুৰীত উদ্ধাৰ হৈছে এটা মৃতদেহ। ঐতিহাসিক দীঘলীপুখুৰীত মৃতদেহ উদ্ধাৰ হোৱাকলৈ সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ। মৃতদেহটো এজন পুৰুষৰ বুলি জানিব পৰা গৈছে।

সোমবাৰে পুৱাৰ ভাগতে মহানগৰীৰ মাজ মজিয়াত থকা ঐতিহাসিক দীঘলীপুখুৰীত উদ্ধাৰ হয় এটা মৃতদেহ। উদ্ধাৰ হোৱা মৃতদেহটো এজন পুৰুষৰ বুলি জানিব পৰা গৈছে যদিও এতিয়াও চিনাক্ত হোৱা নাই পৰিচয়। পুৱাৰ ভাগত দীঘলীপুখুৰীৰ পানীত ওপঙি থকা অৱস্থাত মৃতদেহটো প্ৰত্যক্ষ কৰে স্থানীয় লোকে।

দীঘলীপুখুৰীত মৃতদেহ ওপঙি থকাৰ খবৰ পাই পানবজাৰ আৰক্ষী দীঘলীপুখুৰীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। আৰক্ষীয়ে মৃতদেহটো মৰণোত্ত পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে। মৃতদেহটো সম্পূৰ্ণৰূপে উৱলি যোৱা অৱস্থাত উদ্ধাৰ হৈছে।

কি কাৰণত লোকজনৰ মৃত্যু হৈছে এই সম্পৰ্কে জানিব পৰা হোৱা নাই যদিও মৃতদেহটো উৱলি যোৱা অৱস্থাত উদ্ধাৰ হোৱাত লোকজনৰ মৃত্যু কেইবাদিন পূৰ্বে হৈছে বুলি সন্দেহ প্ৰকাশ কৰা হৈছে। আৰক্ষীত তদন্তৰ পিছতে লোকজনৰ মৃত্যুৰ কাৰণ পোহৰলৈ আহিব।ব