আমিনুৰ ৰহমানৰ সহযোগত ‌‌প্ৰীতী পাৰিক

শিৱসাগৰ : শিৱসাগৰৰ ঐতিহাসিক শিৱ দ’লত সোমবাৰৰ পৰা চাৰিদীনিয়া কাৰ্যসূচীৰে আৰম্ভ মহা শিৱৰাত্ৰী মেলাৰ। ঐতিহাসিক শিৱ দ’লত আৰম্ভ হৈছে মহাদেৱ আৰু পাৰ্ৱতীৰ মহামিলনৰ পূজা মহা শিৱৰাত্ৰী। আহোম স্বৰ্গদেউ সকলৰ ৰাজত্ব কালত ১৭৩৪ খ্ৰীষ্টাব্দত স্বৰ্গদেউ শিৱ সিংহৰ দিনত বৰৰজা অম্বিকাই কুঁৱৰীয়ে ১০০ পুৰা মাটিত শিৱসাগৰ পুখুৰী খন্দোৱাই তাৰ পাৰত নিৰ্মাণ কৰিছিল সুউচ্চ শিৱ দ’ল।

সোণৰ কলচি যুক্ত শিৱসাগৰৰ এই শিৱ দ’ল এছিয়াৰ ভিতৰত সবাটোতকৈ ওখ। অতীজৰে পৰা মহা শিৱৰাত্ৰীৰ দিনা পবিত্ৰ শিৱ পূজাৰ লগ্নৰ দিনা ঐতিহাসিক শিৱ দ’লত লক্ষাধিক ভক্তৰ সমাগম ঘটে। হিন্দু ধৰ্মাৱলম্বী লোকৰ লগতে জাতি ধৰ্ম নিৰ্বিশেষে সকলো ধৰ্ম লোকে শিৱ দ’লৰ শিৱ পূজাত অংশগ্ৰহণ কৰে। শিৱ পূজা উপলক্ষে শিৱ দ’লত প্ৰতি বছৰে অনুষ্ঠিত হয় শিৱৰাত্রী মেলাৰ।

এইবাৰো শিৱ দ’লৰ শিৱৰাত্রী মেলাত ৰাজ্যৰ লগতে বহিঃৰাজ্যৰ পৰা বহু সংখ্যক ব্যৱসায়ীৰ আগমন ঘটিছে।শিৱসাগৰৰ শিৱ দ’লৰ শিৱৰাত্ৰী যিদৰে ভক্তি আৰু আস্থাৰ প্ৰতীক সেইদৰে শিৱৰাত্ৰী মেলা হৈছে আকৰ্ষণ আৰু মনোৰঞ্জনৰ কেন্দ্ৰ। শিৱৰাত্রী মেলা উপলক্ষে এইবাৰ শিৱ দ’ল উন্নয়ন সমিতিয়ে ৬০০ অস্থায়ী দোকানৰ ব্যৱস্থা কৰিছে।

সোমবাৰে শিৱৰাত্রী মেলাৰ প্ৰথম দিনৰ কাৰ্যসূচী ৰূপে শিৱসাগৰ জিলা উপায়ুক্ত তথা শিৱ দ’ল উন্নয়ন সমিতিৰ সভাপতি মেঘ নিধি দাহালে বন্তি প্ৰজ্বলনেৰে শিৱৰাত্রী উৎসৱ আৰু মেলাৰ চাৰিদিনীয়া কাৰ্যসূচীৰ আৰম্ভণি কৰে। ইফালে শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে শিৱ দ’লত পূজা অৰ্চনা আগবঢ়াই মহাদেৱৰ আশীষ লয়।