মানকাচৰ 

১৩ জুলাই

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ মানকাচৰ আৰু সুখচৰত আৰক্ষীয়ে সোমবাৰে নিশা পৃথকে পৃথকে দুটা অভিযান চলাই বৃহৎ পৰিমাণৰ বিস্ফোৰকসহ তিনিজনক লোকক গ্ৰেপ্তাৰ কৰে। জিলাখনৰ দুইটাকৈ অঞ্চলত আৰক্ষীৰ অভিযানত বৃহৎ পৰিমাণৰ বিস্ফোৰক উদ্ধাৰ হোৱা ঘটনাই জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

এক গোপন খবৰৰ ভিত্তিত জিলা আৰক্ষীৰ উপ আৰক্ষী অধীক্ষক এছ চাংছানৰ নেতৃত্বত মানকাচৰ আৰু কালাপানী আৰক্ষীৰ দল এটা নিশা প্ৰায় ১২ বজাত মানকাচৰৰ অসম-মেঘালয় সীমান্তৰ পিপুলবাৰীত অভিযান চলায়। আৰক্ষীৰ এই অভিযানত পিপুলবাৰী বৰবিলা গাঁৱৰ আহাল উদ্দীন সেখৰ পুত্ৰ ইজাজুল মিঞা আৰু আমজাদ আলীৰ পুত্ৰ আজিজুল ৰহমানৰ ঘৰৰ পৰা বৃহৎ পৰিমাণৰ বিস্ফোৰক সামগ্ৰী উদ্ধাৰ হয়।

দুয়োৰে ঘৰৰ পৰা আৰক্ষীয়ে ১৫০ টা ইলেকট্ৰনিক ডিটেনেটৰ, ১৬ টা জিলেটাইন ষ্টিক, ১৯ টা টাইম ফিউজ ৰোলচ আৰু ৪৮ টা নন ইলেকট্ৰনিক ডিটেনেটৰ জব্দ কৰে। আৰক্ষীয়ে ইতিমধ্যে দুয়োক গ্ৰেপ্তাৰ কৰি হাটশিঙিমাৰী মহকুমা ন্যায়িক আদালতত প্ৰেৰণ কৰিছে। আদালতে ঘটনাৰ অধিক তদন্তৰ বাবে দুদিনৰ বাবে দুয়োক আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰে। ইফালে ধৃত দুয়োৰ স্বীকাৰোক্তিৰ ভিত্তিত সুখচৰ আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া সুদিপ্ত চৌধুৰীয়ে সোমবাৰে পুৱাৰ ভাগত সুখচৰৰ বড়কাজিৰগাঁৱত আন এক অভিযান চলায়।

এই অভিযানত গাঁওখনৰ বক্কাৰ আলীৰ ঘৰৰ পৰা আৰক্ষীয়ে ৪৫ টা জিলেটাইন ষ্টিক আৰু ৭৯ টা ইলেকট্ৰনিক ডিটেনেটৰ জব্দ কৰে। আৰক্ষীৰ অভিযানৰ উমান পাই বক্কাৰ আলী পলায়ন কৰে যদিও সুখচৰ আৰক্ষীয়ে ঘৰখনত থকা বক্কাৰ আলীৰ পুত্ৰ ৰফিকুল ইছলামক গ্ৰেপ্তাৰ কৰে। বিস্ফোৰক সামগ্ৰীৰ চোৰাং ব্যৱসায় চলোৱা বক্কাৰ আলী বৰ্তমানেও পলাতক অৱস্থাত আছে। বিস্ফোৰকখিনি বাক্কৰ আলীৰ ঘৰৰ পিছফালে মাটিৰ তলত গাত খান্দি জমা কৰি ৰাখিছিল।

বিস্ফোৰকখিনি তিনিও গৰাকী ব্যক্তি কাৰ পৰা কি কাৰণত আনি নিজৰৰ নিজৰ ঘৰত জমা কৰি ৰাখিছিল সেয়া সম্পৰ্কে আৰক্ষীয়ে অনুসন্ধান আৰম্ভ কৰিছে যদিও আৰক্ষীয়ে সাংবাদিকৰ আগত কোনো তথ্য সদৰি কৰা নাই। ২৬ নং অসম আৰক্ষী বেটেলিয়ানৰ কমাণ্ডেণ্ট তথা দক্ষিণ শালমাৰা-মানকাচৰ জিলা ভাৰপ্ৰাপ্ত আৰক্ষী অধীক্ষক সিঙি ৰাম মিলিয়ে জানিবলৈ দিয়া মতে বোমা প্ৰস্তুত কৰা বিস্ফোৰক সামগ্ৰীখিনি লোক তিনি জনে নিজৰ ঘৰত অবৈধভাৱে জমা ৰাখিছিল।

প্ৰাথমিক তদন্তত বিস্ফোৰকখিনি অসম-মেঘালয় সীমান্তত থকা গাৰো পাহাৰৰ পাথৰ ফুটোৱা কামৰ বাবে অনা বুলি আৰক্ষীয়ে তথ্য লাভ কৰিছে যদিও এতিয়ালৈ নিশ্চিত হোৱা নাই।ইয়াৰ পূৰ্বেও জিলাখনত আৰক্ষীয়ে একাংশ লোকক এইদৰে অবৈধভাৱে ঘৰৰ ভিতৰত বিস্ফোৰক জমা কৰি ৰখাৰ অপৰাধত গ্ৰেপ্তাৰ কৰিছিল।