দক্ষিণ শালমাৰা
১৪ জুলাই

দক্ষিণ শালমাৰাৰ বিভিন্ন প্ৰান্তত অব্যাহত আছে ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি দক্ষিণ শালমাৰাৰ বহু অঞ্চলত প্ৰতিদিনে প্ৰায় ৩০ টাতকৈ অধিক পৰিয়াল গৃহহীন হৈছে। বাৰিষাৰ পূৰ্বে দক্ষিণ শালমাৰা গৰাখহনীয়া প্ৰভাৱিত অঞ্চলৰ নৈপৰীয়া লোকৰ মাজত সৃষ্টি হৈছে এক হাহাকাৰ পৰিৱেশৰ। ব্ৰহ্মপুত্ৰ নদীৰ গৰাখহনীয়া প্ৰভাৱিত অঞ্চল সমূহত গৰাখহনীয়া প্ৰতিৰোধৰ বাবে লোৱা হোৱা নাই কোনো ধৰণৰ ব্যৱস্থা।

দক্ষিণ শালমাৰা-মানকাচাৰ জিলাৰ দক্ষিণ শালমাৰাৰ মাটিফাটা, চতলাৰপাৰ, সূৰ্যমনি এলেকাত বাৰিষাৰ পূৰ্বেই ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া আৰম্ভ হৈছে। ইতিমধ্যে অঞ্চল কেইটাৰ কেইবাশ বিঘা কৃষি ভূমিৰ লগতে বহু লোকৰ ঘৰ-দুৱাৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গৈছে। ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত অঞ্চল কেইটাত দিশ বিদিশ হেৰুৱাই পেলাইছে নৈপৰিয়া ৰাইজ। অঞ্চল কেইটাত প্ৰতিদিনে ৩০ টাতকৈ অধিক পৰিয়ালৰ ঘৰ ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ গৈছে।

গৰাখহনীয়াৰ কবলত পৰি ঘৰ হেৰুৱাওৱাৰ উপক্ৰম হোৱা বহু পৰিয়ালে এতিয়া স্থানান্তৰ কৰিবলগীয়া হৈছে নিজৰ নিজৰ ঘৰ। ইতিমধ্যে কেইবাটাও চৰকাৰী-বেচৰকাৰী বিদ্যালয়, অনুষ্ঠান-প্ৰতিষ্ঠান স্থানান্তৰ কৰি নিৰাপদ স্থানত স্থানান্তৰ কৰা হৈছে। গৰাখহনীয়া প্ৰভাৱিত অঞ্চল কেইটাত কিন্তু আজিলৈ গৰাখহনীয়া প্ৰতিৰোধৰ বাবে লোৱা হোৱা নাই কোনো ব্যৱস্থা।প্ৰতিবছৰে বানৰ পূৰ্বে সমষ্টিখনত এইদৰে আৰম্ভ হয় ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া।

গৰাখহনীয়াৰ কবলত পৰি গৃহহীন হোৱা পৰিয়াল কেইটাক ঘৰ-দুৱাৰ স্থানান্তৰ কৰাৰ ক্ষেত্ৰত চৰকাৰীভাৱে কোনো ধৰণৰ সুবিধা প্ৰদান কৰাটো দুৰৰে কথা স্থানীয় জনপ্ৰতিনিধিও এওঁলোকৰ খবৰ নোলোৱাৰ অভিযোগ উত্থাপন হৈছে। ইফালে খহনীয়াৰ কবলত পৰি গৃহহীন হৈ পৰা পৰিয়াল কেইটা আশ্ৰয় ল’বলগীয়া হৈছে ৰাজপথ তথা কৃষি ভূমিত।