আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা
শিৱসাগৰ
১৩ জুলাই

শিৱসাগৰত এগৰাকী আৰক্ষী বিষয়াৰ বিৰুদ্ধে সাংবাদিকক প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ। পাঁচজনকৈ সাংবাদিকক আৰক্ষী বিষয়া গৰাকীয়ে প্ৰাণে মৰাৰ ভাবুকি দিয়াৰ অভিযোগ। আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰিলে প্ৰতিবাদৰ হুংকাৰ শিৱসাগৰ জিলা সাংবাদিক সন্থাৰ।

প্ৰাগ নিউজৰ ভিডিঅ’ জাৰ্নেলিষ্ট আছিফ আলীসহ ৫ গৰাকী সাংবাদিকক গুলীয়াই মৰাৰ ভাবুকি দিয়াৰ অভিযোগ জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ ফুকনৰবিৰুদ্ধে। সোমবাৰে নিশা জয়সাগৰ তিনিআলিত সংঘটিত হৈছে এই ঘটনা।

“নিশা মই কাকো চিনি নাপাওঁ , কেমেৰা থাকিলেও লাভ নাই, অ’পেন শ্বুট কৰি দিম” বুলি সাংবাদিকক জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ ফুকনে ভাবুকি প্ৰদান কৰাৰ অভিযোগ। ঘটনা সন্দৰ্ভত ইতিমধ্যে শিৱসাগৰ সদৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সাংবাদিকে।

ইফালে জয়সাগৰ আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া জ্যোতিষ ফুকনৰ বিৰুদ্ধে শিৱসাগৰ জিলা উপায়ুক্ত আৰু জিলা আৰক্ষী অধীক্ষকক স্মাৰক পত্ৰ প্ৰদান কৰিছে শিৱসাগৰ জিলা সাংবাদিক সংস্থাই। ২৪ ঘন্টাৰ ভিতৰত সাংবাদিকক ভাবুকি প্ৰদান কৰা আৰক্ষী বিষয়াজনৰ ওপৰত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে জিলা সাংবাদিক সংস্থাই।