দক্ষিণ শালমাৰা, সংবাদ ৩৬৫, ১৯ আগষ্ট : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ মানকাচৰ থানাৰ অন্তৰ্গত ঝাউডাঙ্গা পূবেৰগাওঁ নিবাসী নুৰনবীয়ে ঝাউডাঙ্গা নিবাসী আব্দুল ছবুৰৰ কন্যা ফুল বেগমক ৬ মাহ পূৰ্বে পলুৱাই নি বিয়া কৰায়। বিয়াৰ পিছৰে পৰা লম্পট স্বামী নুৰনবীয়ে ফুল বেগমৰ পৰা ৫০, ০০০/- হাজাৰ টকা যৌতুক বিচাৰী শাৰিৰীক আৰু মানসীকভাৱে নিৰ্যাতন চলাই আহিছিল।

জানিব পৰা অনুসৰি, ফুল বেগমে যৌতুক দিব নোৱাৰাত যোৱা ১৫/০৯/২০১৯ তাৰিখ গোটেই ৰাতিজুৰি ফুল বেগমক শাৰিৰীক ভাৱে অত্যাচাৰ চলায় আৰু অনুমানিক ৰাতিপুৱা ২-৩০ বজাত নুৰনবীয়ে প্ৰাণে মাৰাৰ উদ্দেশ্যে ডিঙিত ওৰনা মেৰিয়াই টানি জখম কৰাত ফুল বেগম অজ্ঞান হয়। অজ্ঞান অৱস্থাত ফুল বেগমক মানকাচৰ সমূহীয়া চিকিৎসালয়ত লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰাত লম্পট নুৰনবী চিকিৎসালয়তে মৃতদেহ এৰি পলায়ন কৰে।

উক্ত বিষয়ত মানকাচৰ আৰক্ষী চকীত এখন এজাহাৰ নং ৫০৩/২০১৯ ধাৰা নং ৩০৪ (বি )/৩৪ গোচৰ ৰজু কৰে। উক্ত ঘটনাৰ ফলত স্থানীয় ৰাইজৰ মাজত চাঞ্চল্যকৰ পৰিবেশৰ সৃষ্টি হৈছে।