গুৱাহাটী, সংবাদ ৩৬৫, ১৯ আগষ্ট : আজি বিশ্ব আলোকচিত্ৰ দিৱস । ১৯৩৯ চনৰ ১৯ আগষ্ট দিনটো সমগ্ৰ বিশ্বতে আলোকচিত্ৰ দিৱস হিচাপে পালন কৰি অহা হৈছে । ফটোগ্ৰাফী কাৰোবাৰ বাবে কৰি ভাল পোৱা এক নিচা, কাৰোবাৰ বাবে আকৌ পেছা । ফটোগ্ৰাফী কৰি ভাল পোৱা বিভিন্নজনে তেওঁলোকৰ কেমেৰাৰ লেঞ্চত ধৰি ৰাখে বিভিন্ন সময়ৰ আলোকচিত্ৰ । ফটোৱে কথা কয় । এই ফটোৰ দ্বাৰাই জানিবলৈ পোৱা যায় বিভিন্ন সময়ৰ পৰিস্থিতিৰ কথা ।

১৯ আগষ্টৰ দিনটো সমগ্ৰ বিশ্বৰ লগতে গুৱাহাটী মহানগৰীতো পালন কৰা হৈছে বিশ্ব আলোকচিত্ৰ দিৱস । বিশ্ব আলোকচিত্ৰ দিৱস উপলক্ষে গুৱাহাটী প্ৰেছ ক্লাৱত মহানগৰীৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানৰ লগত জড়িত ফটো সাংবাদিকসকলে আয়োজন কৰে এখন ফটো প্ৰদৰ্শনীৰ ।

ফটো প্ৰদৰ্শনীখনিৰ উদ্বোধন কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য, শিক্ষাবিদ, কবি, ঔপন্যাসিক ডঃ অমৰজ্যোতি চৌধুৰী আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

মহানগৰীত কর্মৰত ১৮ গৰাকীকৈ ফটো সাংবাদিকৰ ৫৪ খনকৈ আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয় । বিভিন্ন সময়ৰ প্ৰতিবাদ, সামাজিক জীৱন আৰু বন্যপ্ৰাণীৰ আলোকচিত্ৰ প্ৰদৰ্শন কৰা হয় প্ৰদৰ্শনীত ।

ডঃ অমৰজ্যোতি চৌধুৰীৰ লগতে উপায়ুক্ত বিশ্বজিৎ পেগুৱে গুৱাহাটী প্ৰেছ ক্লাৱত মহানগৰীৰ ১৮ গৰাকী ফটো সাংবাদিকৰ কেমেৰাত আবদ্ধ হোৱা ফটো পৰিদৰ্শন কৰে ।

ইফালে উদ্বোধনী অনুষ্ঠানতে অসমৰ বিশিষ্ট আলোকচিত্ৰ শিল্পী তথা ছবি নিৰ্মাতা অৰূপ মান্নাক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয় ।