গুৱাহাটী, সংবাদ ৩৬৫, ১৮ আগষ্ট : বানে সংহাৰী ৰূপ ধাৰন কৰি ব্ৰহ্মপুত্ৰই দেখুৱাইছিল কালৰূপ । মহানগৰীৰ ধাৰাপুৰৰ সমীপৰ মাজিৰিগাওঁত ব্ৰহ্মপুত্ৰই ছিঙিছিল ৰিঙবান্ধ যাৰ ফলত বুৰ গৈছিল এটি বৃহত্তৰ অঞ্চল ।

অঞ্চলটোৰ গাতে লাগি আছে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ । এই ৰিঙবান্ধতো চিঙি যোৱাৰ ফলত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছিল বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰাষ্ট্ৰীয় বিমানবন্দৰলৈও । কিন্তু স্থানীয় লোক আৰু প্ৰশাসনৰ তৎপৰতাত বস্তাৰে কিছু ৰোধ কৰিছিল পানীৰ গতি । এই ৰিঙবান্ধতো পৰিদৰ্শন কৰিলে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তৰ লগতে পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই ।

আনহাতে মহানগৰীৰ খানাজানতো ১ কৌটি ৭৩ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মান হোৱা গাৰ্ড ৱালৰ কাম নিম্নমানৰ হোৱাৰ অভিযোগ পাই গাৰ্ড ৱালৰ কামো পৰিদৰ্শন কৰি পুনৰ এক অনুমোদন দিব বুলি জনায় মন্ত্ৰী কেশৱ মহন্তই । লগতে ধাৰাপুৰ, কেন্দুকুছি, মাজিৰগাঁও, ভট্টাপাৰাৰ আদিৰ বান বিভিষিকাৰ পিছত মথাউৰিৰ গৰাখহনীয়া আৰু দুৰৱস্থা পৰিদৰ্শন কৰি অতিসীঘ্ৰে মথাউৰি মেৰামতি কৰাৰ আশ্বাস প্ৰদান কৰে জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই । বৰঝাৰ বিমানবন্দৰৰ সুৰক্ষাৰ স্বাৰ্থতে অতিসীঘ্ৰে মেৰামতি কৰিব এই মথাউৰিৰ কাম ।

স্থানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাৰ অনুৰোধ মৰ্মেই জলসম্পদ মন্ত্ৰী কেশৱ মহন্তই পৰিদৰ্শন কৰি ৰাইজক আশ্বাস প্ৰদান কৰাৰ বাবে সুখী বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা । মন্ত্ৰী কেশৱ মহন্তই মঠাউৰিৰ বুজ লয় আৰু অতি কম দিনৰ ভিতৰত পুনৰ নিৰ্মানৰ কাম কৰিবলৈ নিৰ্দেশ দিয়ে বিভাগীয় কৰ্তৃপক্ষক ।