চেঙা : বৰপেটা জিলাৰ চৰত প্ৰকৃতিৰ তাণ্ডৱলীলা। ঘূর্ণীবতাহে উৰুৱাই নিলে বহু পৰিয়ালৰ সপোনৰ ঘৰ। গৃহহীন হৈ মুকলি আকাশত তলত আহিল কেইবাটাও পৰিয়াল। ক্ষতিগ্ৰস্ত পৰিয়ালক সাহাৰ্য প্ৰদানৰ আহ্বান।

শনিবাৰে বৰপেটা জিলাৰ চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰৌমাৰী গাঁও পঞ্চায়তৰ চেনীমাৰী গাঁৱত প্ৰকৃতিয়ে তাণ্ডৱলীলা চলায়। দুপৰীয়াৰ ভাগত অহা ঘূর্ণীবতানে বহু লোকৰ ঘৰ উৰুৱাই নিয়ে। ফলত চেনীমাৰী গাঁৱৰ কেইবাটাও পৰিয়াল গৃহহীন হৈ পৰে।

পূৰ্বে কেতিয়াও নেদেখা ঘূর্ণীবতাহৰ ভয়ংকৰ ৰূপ দেখি চেনীমাৰী গাঁওবাসী আতংকিত হৈ পৰে। প্ৰাণ ৰক্ষাৰ বাবে আতংকিত গাঁওবাসী ইফালে সিফালে পলায়ন কৰে। ঘূর্ণীবতাহৰ তাণ্ডৱলীলা সমাপ্ত হোৱাৰ পিছত চেনীমাৰী গাঁৱত এক হাহাকাৰ পৰিস্থিতি দেখিবলৈ পোৱা যায়।

ঘূর্ণীবতাহৰ ফলত বহু লোকৰ ঘৰ সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰে। ঘৰৰ লগতে ঘৰৰ সকলো সামগ্ৰী উৰুৱাই নিয়ে ঘূর্ণীবতাহে। জানিব পৰা মতে সাতটাকৈ পৰিয়ালৰ ঘৰ ঘূর্ণীবতাহে সম্পূৰ্ণ উৰুৱাই নিয়ে। এতিয়া এই সাতটাকৈ পৰিয়াল গৃহহীন হৈ মুকলি আকাশৰ তলত থাকিবলৈ বাধ্য হৈছে।

ঘূর্ণীবতাহৰ তাণ্ডৱলীলাত ক্ষতিগ্ৰস্ত হোৱা অঞ্চল পৰিদৰ্শন কৰে চেঙা ৰাজহ চক্ৰ বিষয়া প্ৰনাজিৎ দেৱৰ লগতে স্থানীয় সচেতন যুৱক জেচিম খানে। ক্ষতিগ্ৰস্ত অঞ্চলটোৰ পৰিস্থিতিৰ বুজলৈ জেচিম খানে ঘূর্ণীবতাহৰ ফলত ক্ষতিগ্ৰস্ত হোৱা পৰিয়াল কেইটাক আৰ্থিক সাহায্য প্ৰদানৰ বাবে চৰকাৰক আহ্বান জনায়।