গুৱাহাটী : ৰে’লযোগে সফলতাৰে নকল নোট আৰু গাঞ্জা সৰবৰাহ কৰিবলৈ সক্ষম হল নাইমুদ্দিন। ৰে’ল আৰক্ষীৰ চকুত ধূলি দি নকল নোট আৰু গাঞ্জা লৈ ৰে’লযোগে আগৰতলাৰ পৰা গুৱাহাটী আহিল নাইমুদ্দিন। কিন্তু অসম আৰক্ষীৰ চকুত ধূলি দিবলৈ সক্ষম নহ’ল নাইমুদ্দিন।

নাইমুদ্দিন নামৰ এজন গাঞ্জা সৰবৰাহকাৰী পৰিছে অসম আৰক্ষীৰ জালত। গাঞ্জা আৰু নকল নোট লৈ মেঘালয়ৰ ৰাজধানী শ্বিলংলৈ গৈ থকা অৱস্থাত নাইমুদ্দিনক গ্ৰেপ্তাৰ কৰে অসম আৰক্ষীয়ে। নাইমুদ্দিনৰ কবলৰ পৰা ৩ লাখ টকা মূল্যৰ গাঞ্জা আৰু ২৮ হাজাৰ টকা নকল নোট উদ্ধাৰ।

এক গোপন খবৰৰ ভিত্তিত মহানগৰীৰ যোৰাবাট আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে অভিযান চলাই ৩ লাখ টকা মূল্যৰ গাঞ্জা আৰু ২৮ হাজাৰ টকা নকল নোটসহ গ্ৰেপ্তাৰ কৰে নাইমুদ্দিন নামৰ এজন লোকক। এখন অটোৰে শ্বিলং অভিমুখে গৈ থকা অৱস্থাত যোৰাবাট আৰক্ষীয়ে তালাচী চলাই নাইমুদ্দিনক গ্ৰেপ্তাৰ কৰে।

জানিব পৰা মতে নাইমুদ্দিন ২৭ কেজি গাঞ্জা আৰু ২৮ হাজাৰ টকা নকল নোটলৈ ৰে’লযোগে আগৰতলাৰ পৰা গুৱাহাটী ৰে’ল ষ্টেচনত উপস্থিত হৈছিল। গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা অটোলৈ শ্বিলং অভিমুখে গৈ থকা অৱস্থাত যোৰাবাটত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় নাইমুদ্দিন। অধিক তথ্যৰ বাবে যোৰাবাট আৰক্ষীয়ে নাইমুদ্দিনক জেৰা অব্যাহত ৰাখিছে।