গৰৈমাৰী : গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবৰ সজাগতা অভিযান। কভিড মহামাৰী ৰোধ কৰা উদ্দেশ্যে গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবৰ সজাগতা অভিযান। ৰাইজৰ মাজত মাস্ক বিতৰণ। দেশত আৰম্ভ হৈছে ক’ভিডৰ তৃতীয়টো ঢৌ। প্ৰতিদিনে লাখ লাখ লোক আক্রান্ত হৈছে ক’ভিডত। দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমতো ভয়াবহভাৱে বৃদ্ধি পাইছে ক’ভিডৰ সংক্ৰমণ।ক’ভিডৰ এই ভয়াবহ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবে কভিড ৰোধ কৰাৰ বাবে অনুষ্ঠিত কৰে এক সজাগতা অভিযান।

দক্ষিণ কামৰূপৰ গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবৰ উদ্যোগত গৰৈমাৰী বজাৰ প্ৰাংগণত অনুষ্ঠিত কৰা হয় এই সজাগতা অভিযান। সহস্ৰাধিক লোকৰ মাজত মাক্স বিতৰণ কৰি ৰাইজক মাস্ক ব্যৱহাৰ কৰি ক’ভিডৰ ভয়াবহতাৰ পৰা নিজৰ লগতে আনকো ৰক্ষা কৰাৰ আহ্বান জনায় গৰৈমাৰী-কালাতলী-সোণতলী প্ৰেছ ক্লাবে। এই সজাগতা অনুষ্ঠানত গৰৈমাৰী ৰাজহ চক্ৰ বিষয়া অৰূপ বিৰকমীয়া উপস্থিত থাকি সজাগতা অভিযানৰ শুভাৰম্ভ কৰে।

আনহাতে গৰৈমাৰী আৰক্ষী চকীৰ আৰক্ষী বিষয়া আব্দুৰ ৰহমান উপস্থিত থাকি সজাগতা অভিযানৰ লগত সংগতি ৰাখি গৰৈমাৰী অঞ্চলত হেলমেট পৰিধান নকৰা বাইক চালকসকলক চকলেট প্ৰদান কৰি পৰৱৰ্তী সময়ত হেলমেট পৰিধান কৰি বাইক চলাবলৈ আহ্বান জনায়৷ অনুষ্ঠানত প্ৰেছ ক্লাবৰ মুখ্য উপদেষ্টা আব্দুৰ ৰহমান, উপদেষ্টা আজাদ ওচমান গণি প্ৰমূখ্যে প্ৰেছ ক্লাবৰ কাৰ্যকৰী সভাপতি আব্দুৰ ৰহিম উপস্থিত থাকে৷