আজিজ আলী
মুকালমুৱা : উত্তৰ প্ৰদেশৰ পৰা উদ্ধাৰ মুকালমুৱাৰ যুৱতী। বিবাহৰ প্ৰলোভেনেৰে বহিঃৰাজ্যলৈ নি অকথ্য নিৰ্যাতন মুকালমুৱাৰ ৰামপুৰৰ যুৱতী গৰাকীক। আৰক্ষীৰ তৎপৰতাত নাৰী সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ যুৱতী গৰাকী। উত্তৰ প্ৰদেশৰ পৰা দৌলাশাল আৰক্ষীয়ে উদ্ধাৰ কৰে ৰামপুৰৰ ২৫ বছৰীয়া যুৱতী গৰাকীক।

যোৱা ৩১ ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ আছিল নালবাৰী জিলাৰ মুকালমুৱাৰ অন্তৰ্গত ৰামপুৰৰ ২৫ বছৰীয়া এগৰাকী যুৱতী। ৰং নম্বৰৰে যুৱতী গৰাকীক প্ৰেমৰ জালত পেলাইছিল দুষ্ট চক্ৰই৷ বিবাহৰ প্ৰলোভেনেৰে যুৱতী গৰাকীক নিজ গৃহৰ পৰা মাতি নি ৰে’লেৰে উত্তৰ প্ৰদেশলৈ লৈ যায় দুষ্ট চক্ৰটোৱে। বৰপেটাৰ হোটেলত যুৱতী গৰাকীক খাদ্যত নিচাজাতীয় দ্ৰব্য খুৱাই অচেতন কৰি উত্তৰ প্ৰদেশলৈ লৈ যায় দুষ্ট কৰাটোৱে।

পিছত দুষ্ট চক্ৰটোৱে যুৱতী গৰাকীক মাৰধৰ কৰি নগদ ধন আৰু যুৱতী গৰাকীৰ মোৱাইল ফোনটো কাঢ়ি নিয়ে। দৌলাশাল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সুৰজিত কাথাৰৰ তৎপৰতাত দৌলাশাল আৰক্ষীয়ে উত্তৰ প্ৰদেশ আৰক্ষীৰ সহযোগত উত্তৰ প্ৰদেশৰ পৰা উদ্ধাৰ কৰে যুৱতী গৰাকীক। উত্তৰ প্ৰদেশত দৌলাশাল আৰক্ষী যুৱতী গৰাকীৰ পৰিয়ালৰ লগত উপস্থিত হৈ যুৱতী গৰাকীক উদ্ধাৰ কৰি নিজ গৃহলৈ লৈ আহে।