গুৱাহাটী, ২১ মেঃ অহা ২৯ মে’ৰ পৰা নচলে অলা-উবেৰৰ কেৱ ৷ অলা-উবেৰৰ বঞ্চনাৰ প্ৰতিবাদত ২৯ মে’ৰ পৰা ৭২ ঘন্টীয়া অলা-উবেৰৰ কেৱ চলাচল বন্ধৰ ঘোষনা কৰিছে সদৌ গুৱাহাটী কেব মালিক-চালক সন্থাই৷ গুৱাহাটীৰ হেঙেৰাবাৰীত এক সংবাদমেলৰ আয়োজন কৰি সদৌ গুৱাহাটী কেৱ মালিক-চালক সন্থাই এই ঘোষনা কৰে৷ সন্থাৰ সভাপতি ইছমাইল আলীয়ে কয় যে, অলা-উবেৰে বহু উপাৰ্জনৰ সপোন দেখুৱাই এতিয়া শিক্ষিত নিবনুৱাসকলক ভাতে মৰাৰ ষড়যন্ত্ৰ কৰিছে৷ অলা-উবেৰে পূৰ্বৰ প্ৰতিশ্ৰুতি উলংঘন কৰাত কেৱ মালিক-চালকসকলৰ অৱস্থা শোচনীয় হৈ পৰিছে৷ কেৱ মালিক-চালক সকলে গাড়ীৰ কিস্তিও নিজে দিবলগীয়া হৈছে৷ অলা-উবেৰৰ লগত এই সন্দৰ্ভত আলোচনা কৰাৰ পিছতো কোনো ইতিবাচক সঁহাৰি লাভ নকৰাত কেৱ মালিক-চালক সকলে ৭২ ঘন্টীয়া বন্ধৰ সিদ্ধান্ত লয়৷ কেৱ মালিক-চালক সকলে অলা-উবেৰক পূৰ্বৰ দৰে বানচ-ব্যৱসায় দিয়া, বাট-পথৰ পৰিসৰ লগতে ভাড়া হ্ৰাস হোৱাৰ পৰিপ্ৰেক্ষিতত নতুন গাড়ী লোৱা বন্ধ কৰা, অলাৰ বিভাগ বন্ধ কৰাৰো দাবী জনায়৷ লগতে অলা-উবেৰে এই দাবীসমূহ শীঘ্ৰে মানি ন’ললে অনাগত দিনত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ দিয়ে৷