গুৱাহাটী, ২১ আগষ্টঃ দিশপুৰ সমষ্টিৰ অন্তর্গত পাঞ্জাবাৰী, খানাপাৰা আৰু আমেৰিগোগ অঞ্চলৰ স্থায়ী বাসিন্দাসকলক শীঘ্ৰে ভূমি পট্টা প্ৰদানৰ দাবী জনাইছে সদৌ অসম ট্ৰাইবেল সংঘই৷ ট্ৰাইবেল সংঘই জানিবলৈ দিয়া মতে দিশপুৰ সমষ্টিৰ পাঞ্জাবাৰী, খানাপাৰা আৰু আমেৰিগোগত বিভিন্ন অঞ্চলত বহু সংখ্যাক লোকে প্রায় ১৬-২০ বছৰ ধৰি স্থায়ীভাৱে বসবাস কৰা আহিছে। এই বাসিন্দাসকলে মাতমৰা ঢকুৱাখানা, মাজুলী, ধেমাজী, জোনাই, লক্ষীমপুৰ, বাক্সা, নলবাৰী, মৰিগাঁও, গহপুৰ, তামোলপুৰ, ওদালগুৰি, গোৱালপাৰা, শিৱসাগৰ আৰু ধুবুৰীৰ পৰা বানপানী আৰু গৰাখহনীয়াৰ ফলত ভূমিহীন হৈ উক্ত অঞ্চলসমূহত বসবাস কৰিবলৈ লয়। তেওঁলোকে স্থায়ী মাটি পট্টাৰ বাবে বিভাগীয় কর্তৃপক্ষৰ লগত আবেদন কৰাৰ উপৰি কেন্দ্রীয় জনজাতি মন্ত্রালয়ে প্রণয়ন কৰা বন অধিকাৰ আইন ২০০৬ৰ অধীনত বন বিভাগৰ কর্তৃপক্ষৰ নির্দেশ মর্মে বনভূমিত অধিকাৰ দাবী প্র-পত্র দাখিল কৰিছে। অঞ্চলৰ বাসিন্দাসকলৰ বৰ্তমান ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱাৰ উপৰি প্ৰায়ভাগ পৰিয়ালে পৌৰ নিগমৰ সম্পত্তি কৰ, তৰজু খাজনা আদি পৰিশোধ কৰি আহিছে যদিও বৰ্তমানলৈ স্থায়ী পট্টা লাভ কৰা নাই। যাৰ কাৰণে বিভিন্ন সময়ত বিভিন্ন চক্ৰই চৰকাৰী আঁচনি আৰু উদ্যোগ প্ৰতিষ্ঠানৰ নামত উচ্ছেদ চলাবলৈ প্ৰচেষ্টা চলাই অহাত অঞ্চলবাসীয়ে অনিশ্চয়তা ভূগিবলগীয়া হৈছে৷  ট্ৰাইবেল সংঘই ইতিমধ্যে মুখ্যমন্ত্ৰীলৈ এইসকল লোকক ভূমি পট্টা প্ৰদানৰ লগতে জলন্ত সমস্যাসমূহ সমাধান দাবীত এক দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰদান কৰিছে৷ কিন্তু চৰকাৰে বৰ্তমানলৈ কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত অঞ্চলটোৰ বাসিন্দা সকলৰ লগতে সংঘই তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে৷ বৃহত্তৰ অঞ্চলটোৰ বাসিন্দা সকলে জীৱন-সম্পতিৰ নিৰাপত্তাৰ স্বাৰ্থত বিভাগীয় কর্তৃপক্ষক শীঘ্ৰে মাটি পট্টা প্ৰদানৰ বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে৷