গুৱাহাটী, ২১ আগষ্টঃ আইআইটি গুৱাহাটীৰ ১৯ সংখ্যক বার্ষিক টেকন’মেনেজমেণ্ট ফেষ্টিভেল টেকনিচ ৩১ আগষ্টৰ পৰা আৰম্ভ হ’ব৷ প্ৰযুক্তিবিদ্যাৰ উৎসৱ টেকনিচত প্ৰযুক্তি, মেনেজমেণ্ট পৰা আনন্দোৎসৱলৈ বিভিন্ন অনুষ্ঠান সংলগ্ন হৈ আছে। এই অনুষ্ঠানত দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা বহু সংখ্যক লোকে অংশগ্রহণ কৰিব৷ টেকন’ মেনেজমেণ্ট ইভেন্টৰ আয়োজন কৰাৰ উপৰি টেকনিচ টীমে আইআইটি গুৱাহাটী চৌহদৰ সমীপৱতী অঞ্চলত আর্থসামাজিক উন্নয়নমূলক কাম কাজতাে নিয়ােজিত হৈছে। বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰৰ আয়ােজন, অঞ্চলটােৰ শিশুসকলক শিক্ষা প্ৰদান কৰাৰ লগতে জনতাৰ জীৱনৰ বাবে সাধাৰণ প্রয়োজন আৰু সমল যোগান ধৰি আহিছে। এই সংস্কৰণৰ টেকনিচত বিভিন্ন ক্ষেত্ৰৰ বিস্তৃত বর্ণালীৰ পোহৰৰ জিলিঙনি হিচাপে কেইবাজনাে প্রখ্যাত ব্যক্তি উপস্থিত থাকিব৷ ইয়াৰে ভাষণ শৃংখলৰ অংশ হিচাপে নাছাৰ উপাধ্যক্ষ ড০ টমাছ বার্কল, হাউ ইটছ মেড, এমী উইনাৰ উপস্থাপক ব্রুক মুৰে  আৰুতাজ হােটেলৰ জ্যেষ্ঠ উপাধ্যক্ষ ফাৰহাট জামালৰ লগতে কেইবাজনাে বিখ্যাত ব্যক্তিয়ে ঔদ্যোগিক আলোচনাত ভাষণ প্ৰদান কৰিব। আইআইটি গুৱাহাটীৰ জনসম্পর্ক বিভাগৰ সহকাৰী পঞ্জীয়ক লৱনু কে কোঁৱৰে কয় যে, সম্পূৰ্ণৰূপে ছাত্ৰ সংগঠন হিচাপে টেকনিচে উক্তৰ পূৰ্বাঞ্চলৰ প্ৰযুক্তিগত দিশটাে উন্নীতকৰণ কৰিবলৈ চেষ্টা কৰি আহিছে আৰু ৰোমাঞ্চকৰ অনুষ্ঠান আৰু আকৰ্ষণীয় প্ৰতিযোগিতাৰে শিক্ষাৰ্থীসকলকো উৎসাহিত কৰি আহিছে৷ বহুতো বিদ্যাৰ্থীক ৰাষ্ট্ৰীয় পৰ্য্যায়ত নিজৰ পৰিচয় দাঙি ধৰিবলৈ ই এক মঞ্চ প্ৰদান কৰিছে৷  টেকনিচৰ দীঘলীয়া ঐতিহ্য হিচাপে ২৭ আগষ্টত গুৱাহাটী হাফ মাৰাথনৰ নৱম সংস্কৰণ আয়োজন কৰা হৈছে। এই সংস্কৰণত মাৰাথনৰ থীম হৈছে অংগদানঃ জীৱন যাপন কৰক, জীৱন দান কৰক৷ যাৰ জৰিয়তে অংগদানৰ সপক্ষে মানসিকতাৰ পৰিৱৰ্তনৰ আহ্বান জনোৱা হৈছে। গুৱাহাটী হাফ মাৰাথন দিছপুৰৰ ভোগেশ্বৰী ফুকননী ইন্দোৰ ষ্টেডিয়াম পৰা আৰম্ভ হ’ব৷