ৰঙিয়া, ২২ আগষ্টঃ ৰঙিয়াৰ বনগাঁৱত চলন্ত যাত্ৰীবাহী ৰেলৰ তলত বাইক সোমোৱাত বহুসময় ধৰি আৱদ্ধ হৈ পৰে গুৱাহাটী-ডালখোলা বিশেষ ৰেল। প্ৰাপ্ত তথ্য মতে, যুৱক এজনে বাইকেৰে বিপজ্জনকভাৱে বৰলীয়া নৈৰ ৰেল দলং পাৰ হ’বলৈ চেষ্টা কৰাৰ ফলতেই দুৰ্ঘটনাটো সংঘটিত হয়। যুৱকজনে পালছাৰ বাইকেৰে ৰেল দলং পাৰ হ’বলৈ লওতে বিপৰীত দিশৰ পৰা তীব্ৰ বেগেৰে গুৱাহাটী-ডালখোলা ৰেলখন অহাত উপায়বিহীন হৈ ৰেলপথতে বাইকখন থৈ দৌৰ মাৰি কোনোমতে প্ৰাণ ৰক্ষা কৰে। চলন্ত ৰেলখনৰ তলত অকস্মাতে বাইকখন সোমাই যোৱাত চালকে ৰেলখন ৰখাই দিয়ে। পিছত ৰেল বিভাগৰ কৰ্মী আৰু ৰেল আৰক্ষী উপস্থিত হৈ ৰেলখনৰ তলৰ পৰা বাইকখন উলিয়াই।