দক্ষিণ শালমাৰা : দক্ষিণ শালমাৰাত বৰ্নাঢ্য কাৰ্যসূচীৰে মাটিফাটা নতুন বজাৰৰ শুভ উদ্বোধন। ব্ৰহ্মপুত্ৰৰ নদীৰ গৰাখহনীয়াৰ কবলত পৰি তিনি শতাধিক দোকানসহ নদীৰ বুকুত জাহ গৈছে ঐতিহাসিক বজাৰখন। পৰম্পৰাগত লাঠি-খেলেৰ অনুষ্ঠিত কৰি বিধায়কে আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰিলে বজাৰখন।

দক্ষিণ শালমাৰাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়াৰ ফলত ঐতিহাসিক মাটিফাটা বজাৰখন তিনি শতাধিক দোকানসহ নদীৰ বুকুত জাহ যোৱাৰ পিছত বিধায়ক পুঁজিৰ ধনেৰে মাটিফাটা নতুন বজাৰ বৰ্নাঢ্য কাৰ্যসূীৰে আনুষ্ঠানিকভাৱে পুনৰ মুকলি কৰে স্থানীয় বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰীয়ে। শুকুৰবাৰে দিনজোৰা কাৰ্যসূচীৰে মাটিফাটা ঐতিহাসিক বজাৰখন মাটিফাটা নতুন বজাৰ নামাকৰণ কৰি আনুষ্ঠানিকভাৱে মুকলি কৰা হয়।

দক্ষিণ শালমাৰা সমষ্টিৰ বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰী এই বজাৰখনৰ শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে দক্ষিণ শালমাৰা খণ্ড উন্নয়ন বিষয়া, স্থানীয় কেবাটাও গাঁও পঞ্চায়তৰ সভাপতি, আঞ্চলিক পঞ্চায়তৰ সদস্য সকল এই অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। বজাৰখন শুভ উদ্বোধন উপলক্ষে পুৱাৰে পৰা দিনজোৰা বৰ্নাঢ্য কাৰ্যসূচীৰে বিভিন্ন ধৰণৰ খেল-ধেমালী অনুষ্ঠিত কৰা হয়।

একেদৰে অতিকৈ আকৰ্ষনীয় পৰম্পৰাগত লাঠি খেলৰ বিভিন্ন খেল অনুষ্ঠিত কৰা হয় এই নতুন বজাৰখন শুভ উদ্বোধনী অনুষ্ঠানত। উল্লেখ্য যে বিগত প্ৰায় চাৰি মাহ ধৰি দক্ষিণ শালমাৰাৰ মাটিফাটাত ব্ৰহ্মপুত্ৰ নদীৰ ভয়ংকৰ গৰাখহনীয়া অব্যাহত আছে। এই গৰাখহনীয়াৰ ফলত প্ৰায় ৩০ বছৰ পুৰনি ঐতিহাসিক মাটিফাটা বজাৰখন প্ৰায় তিনি শতাধিক দোকানসহ নদীৰ বুকুত জাহ গৈছে।

মাটিফাটা বজাৰখন সম্পূৰ্ণৰূপে নদীৰ বুকুত বিলীন হৈ যোৱাৰ ফলত বিধায়ক হাজী ওৱাজেদ আলী চৌধুৰীয়ে বিধায়ক পুঁজিৰ পৰা প্ৰায় ১৫ বিঘা ভূমি ক্ৰয় কৰি নতুন বজাৰ স্থাপনৰ বাবে ধন মোকলাই দিয়ে। ফলত মাটিফাটা বজাৰখনক মাটিফাটা নতুন বজাৰ নামাকৰণ কৰি আনুষ্ঠানিকভাৱে মুকলি কৰে বিধায়ক গৰাকী। নদীৰ বুকুত বিলীন হোৱা বজাৰখনৰ ওপৰত নিৰ্ভৰ কৰি উপাৰ্জনৰ পথ বাছি লোৱা ৩ শতাধিক ব্যৱসায়ীয়ে নতুন বজাৰ পাই উৎফুল্লিত হৈ পৰে।