হাটশিঙিমাৰী : দক্ষিণ শালমাৰা-মানকাচৰ জিলাত অব্যাহত আছে আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান। জিলা সদৰ হাটশিঙিমাৰীৰ সুখচৰ-হাজিৰহাটত শুকুৰবাৰে নিশা আৰক্ষীয়ে এক ড্ৰাগছ বিৰোধী অভিযান চলাই ১২৫০ টা নিচাজাতীয় টেবলেটসহ এজন ড্ৰাগছ ব্যৱসায়ীক গ্ৰেপ্তাৰ কৰে।

সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইলিয়াচ হুছেইন জানিবলৈ দিয়া মতে এক গোপন খবৰৰ ভিত্তিত আৰক্ষীৰ এটা দলে তেওঁৰ নেতৃত্বত নিশা হাজিৰহাট অঞ্চলত ড্ৰাগছ বিৰোধী অভিযান চলায়। মুক্তাদুৰ ৰহমান নামৰ এজন ড্ৰাগছ ব্যৱসায়ী ড্ৰাগছ সৰবৰাহকাৰীক নিচাজাতীয় টেবলেট বিক্ৰী কৰি থকা অৱস্থাত আৰক্ষীয়ে ড্ৰাগছ ব্যৱসায়ী মুক্তাদুৰ ৰহমানক আটক কৰে।

মুক্তাদুৰ ৰহমানৰ কবলৰ পৰা অভিযানকাৰী আৰক্ষীৰ দলটোৱে ১২৫০ টা নিচাজাতীয় টেবলেট জব্দ কৰে। ধৃত ড্ৰাগছ ব্যৱসায়ী মুক্তাদুৰ ৰহমান বড় কাজিৰগাঁগাঁৱৰ বাসিন্দা। সোধা-পোছাৰ অন্তত আৰক্ষীয়ে ইতমিধ্যে ড্ৰাগছ ব্যৱসায়ীজনক গ্ৰেপ্তাৰ কৰিছে। হাজিৰহাটৰ জামাল বজাৰত থাক নিজৰ জোতা-ছেণ্ডেলৰ দোকানৰ পৰাই মুক্তাদুৰ ৰহমানে ড্ৰাগছৰ অবৈধ বেহা চলাই আছিল।

ড্ৰাগছৰ ব্যৱসায়ৰ লগতে মুক্তাদুৰ ৰহমান মোবাইল ফোন চুৰিৰ লগতো জড়িত বুলি সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াজনে জানিবলৈ দিয়ে। শনিবাৰে পুৱাৰ ভাগত ধৃত ড্ৰাগছ ব্যৱসায়ীজনক হাটশিঙিমাৰী জিলা আদালতত হাজিৰ হ’ব বুলিও জানিবলৈ দিয়ে
সুখচৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ইলিয়াচ হুছেইনে। হাজিৰহাটৰ ছাফিউল নামৰ এজনৰ পৰা ৩ হাজাৰ টকাৰ বিনিময়ত ধৃত মুক্তাদুৰ ৰহমানে ড্ৰাগছখিনি বিক্ৰীৰ বাবে আনিছিল বুলি জানিবলৈ দিয়ে।

উল্লেখ্য যে ভাৰত-বাংলাদেশ সীমান্তৱৰ্তী দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ পৰা ড্ৰাগছ সৰবৰাহকাৰীয়ে বাংলাদেশলৈ ড্ৰাগছ সৰবৰাহ কৰি এক ৰমৰমীয়া ব্যৱসায় চলাই আহিছে। জিলাখনত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান অধিক তীব্ৰতৰ কৰি ৰখা পৰিলক্ষিত হৈছে যদিও জিলাখনত অব্যাহত আছে ড্ৰাগছৰ অবৈধ বেহা।