গুৱাহাটী, ৩১ মে’ : ভাৰত চৰকাৰে চলিত বৰ্ষৰ ডিচেম্বৰ মাহৰ ভিতৰত দেশৰ পৰা সৰুআই আৰু ৰুবেলা ৰোগ নিৰ্মূলকৰণৰ বাবে লোৱা লক্ষ্যত উপনীত হ’বলৈ কামৰূপ মহানগৰ জিলাত ল’বলগীয়া পদক্ষেপ সন্দৰ্ভত বুধবাৰে (৩১ মে’) জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত আলোচনা কৰা হয়৷ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাৰ অধ্যক্ষতাত অনুষ্ঠিত সৰুআই আৰু ৰুবেলা সম্পৰ্কীয় জিলা টাস্ক ফ’ৰ্চৰ বৈঠকত ৰোগ দুবিধৰ নিৰ্মূলকৰণৰ বাবে প্ৰতিষেধক (Measles And Rubella Vaccination) প্ৰদানকে ধৰি গ্ৰহণ কৰা আৰু কৰিবলগীয়া পদক্ষেপসমূহৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়৷

বৈঠকত বিশ্ব স্বাস্থ্য সংস্থাৰ কলচাল্টেন্ট চিকিৎসক ডাঃ অৰূপ ডেকাই মিজেল্‌ছ বা সৰুআই আৰু ৰুবেলাৰ ভয়াবহতাৰ কথা ব্যাখ্যা কৰে৷ তেওঁ জনায় যে সৰুআই আৰু ৰুবেলা ৰোগৰ প্ৰতিষেধকৰ প্ৰথম পালি শিশুৰ জন্মৰ ৯ মাহৰ পৰা ১২ মাহৰ ভিতৰত আৰু দ্বিতীয় পালি ১৬ মাহৰ পৰা ২৪ মাহত দিব লাগে৷ কামৰূপ মহানগৰ জিলাত ২০২২-২৩ বৰ্ষত সৰুআই আৰু ৰুবেলা প্ৰতিষেধকৰ দ্বিতীয় পালি ৮৬ শতাংশক দিয়া হৈছে৷ ৰাজ্যিক পৰ্যায়ত এই হাৰ হৈছে ৮৪ শতাংশ৷ কামৰূপ মহানগৰ জিলাত এতিয়ালৈকে সৰুআই আৰু ৰুবেলা ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা নাই বুলি সদৰি কৰে ডাঃ অৰূপ ডেকাই৷ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই কামৰূপ মহানগৰ জিলাৰ প্ৰতিটো শিশুৱে যাতে সময়ত সৰুআই আৰু ৰুবেলাৰ প্ৰতিষেধক লাভ কৰে তাক নিশ্চিত কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে৷

তেওঁ প্ৰতিষেধকৰ প্ৰথম পালি লাভ কৰা প্ৰতিটো শিশুৱে যাতে দ্বিতীয় পালি লাভ কৰে তাৰ বাবে মিছন মোডত কাম কৰিবলৈ স্বাস্থ্য বিভাগক নিৰ্দেশ দিয়ে৷ অংগনবাড়ী কেন্দ্ৰলৈ অহা কোনো শিশু এই প্ৰতিষেধকৰ পৰা বঞ্চিত হৈছে নেকি সেই সন্দৰ্ভত জিলা সমাজ কল্যাণ বিষয়াক এখন প্ৰতিবেদন জমা দিবলৈ কয় উপায়ুক্ত গৰাকীয়ে৷ বৈঠকত স্বাস্থ্য বিভাগৰ দায়িত্বত থকা অতিৰিক্ত উপায়ুক্ত ঝৰ্ণা পাটগিৰি, সহকাৰী আয়ুক্ত অনুৰাগ ৰুদ্ৰ, স্বাস্থ্য বিভাগৰ যুটীয়া সঞ্চালক ডাঃ কন্দৰ্প কুমাৰ দাস প্ৰমুখ্য স্বাস্থ্য বিভাগৰ আৰু আন বিভাগৰ বিষয়াসকল উপস্থিত থাকে৷