গুৱাহাটী, ১ জুন, ২০২৩ : ৰেডিছন ব্লু গুৱাহাটীৰ (Radisson Blue) গ্ৰেট কেবাব ফেক্টৰী ৰেষ্টুৰেণ্টখনত আয়োজিত ছাদ্দা পাঞ্জাৱ উৎসৱৰ বাবে ইয়াত খাদ্যসম্ভাৰৰ স্বৰ্গৰাজ্যস্বৰূপ পৰিৱেশৰ সৃষ্টি হৈছে। খাদ্য অনুৰাগীসকলে এতিয়া শ্ৰেষ্ঠতম পাঞ্জাৱী ৰন্ধনপ্ৰণালীৰে বিশেষভাৱে প্ৰস্তুত কৰা ডিনাৰ মেনুৰ সৈতে পাঞ্জাৱৰ উৎকৃষ্ট সোৱাদ উপভোগ কৰিব পাৰিব।

২৬ মে’ৰ পৰা আৰম্ভ হোৱা এই মহোৎসৱে ৪ জুনলৈকে অতিথিসকলৰ ৰুচিবোধক প্ৰলোভিত কৰি থাকিব। প্ৰতিদিনে সন্ধিয়া ৭ বজাৰ পৰা ১১ বজালৈ খাদ্যৰসিকসকলে ৰেডিছন ব্লু গুৱাহাটীৰ দ্য গ্ৰেট কেবাব ফেক্টৰীত পঞ্জাৱৰ সমৃদ্ধ ৰন্ধন ঐতিহ্যত নিজকে নিমজ্জিত কৰিব পাৰিব। অতিথিসকলক পাঞ্জাৱৰ সজীৱ পৰিৱেশৰ ধাৰণাৰ সৈতে খাপ খুৱাই থলুৱা পাঞ্জাবী সুস্বাদু খাদ্যৰ এক উৎকৃষ্ট সমাহাৰ উপভোগ কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছে।

এই উৎসৱৰ খাদ্যসম্ভাৰ দ্য গ্ৰেট কাবাব ফেক্টৰীৰ প্ৰতিভাশালী ৰান্ধনীসকলৰ দ্বাৰা এক অবিস্মৰণীয় ভোজন অভিজ্ঞতাৰ প্ৰতিশ্ৰুতিৰে সৈতে প্ৰস্তুত কৰা হৈছে। “পাই জাও টুট কে”, অৰ্থাৎ “পূৰ্ণোদ্যমে আহাৰ উপভোগ কৰক”, কথাষাৰেই হৈছে ছাদ্দা পাঞ্জাব উৎসৱৰ সাৰমৰ্ম বুজাবলৈ ব্যৱহাৰ কৰিব পৰা সঠিক বাক্যাংশ। পৰম্পৰাগত তৰকাৰী আৰু হৃদয়স্পৰ্শী স্বাদৰ বিৰিয়ানীৰ পৰা আৰম্ভ কৰি ৰসাল কাবাব আৰু লোভনীয় ডেজাৰ্টলৈকে, মেনুখনে এক বৈচিত্ৰ্যপূৰ্ণ ৰুচিৰ খাদ্যসম্ভাৰ দাঙি ধৰে যাৰ ফলত খাদ্যপ্ৰেমীসকল অধিকতম পৰ্যায়লৈ খাদ্যগ্ৰহণৰ বাবে প্ৰৰোচিত হয়।

বিলাসী খাদ্যৰ উৎসস্থল হিচাপে বিখ্যাত ৰেডিচন ব্লু গুৱাহাটীত কেৱল দ্য গ্ৰেট কেবাব ফেক্টৰীয়েই নহয়, কেফে বি-ইউ আৰু ৰেইনও আছে। ছাদ্দা পাঞ্জাৱ উৎসৱ পূৰ্ণগতিত চলি থকাৰ সময়তে ই অঞ্চলটোৰ খাদ্যপ্ৰেমীসকলৰ বাবে চূড়ান্ত হটস্পটত পৰিণত হৈছে, যিয়ে সুদূৰ পঞ্জাৱৰ পৰা আৰম্ভ হোৱা এক অবিস্মৰণীয় ৰন্ধন যাত্ৰাক মাত্ৰা প্ৰদান কৰিছে। “আমাৰ গৌৰৱপূৰ্ণ ৰেষ্টুৰেণ্ট দ্য গ্ৰেট কাবাব ফেক্টৰীত পাঞ্জাৱৰ ৰুচিবোধক উপস্থাপনৰ জৰিয়তে আমি ছাদ্দা পাঞ্জাৱ উৎসৱৰ আয়োজন কৰি যথেষ্ট আনন্দিত হৈছো। আমাৰ ৰান্ধনীৰ দলে মূল পাঞ্জাৱী খাদ্যশৈলীৰ সংযোজন ঘটাই সযত্নেৰে সৈতে প্ৰস্তুত কৰি উলিওৱা মেনুখনে আমাৰ অতিথিসকলৰ বাবে এক অবিস্মৰণীয় ভোজন অভিজ্ঞতা নিশ্চিত কৰে,” ৰেডিচন ব্লু গুৱাহাটীৰ এগৰাকী মুখপাত্ৰই কয়।

সুগন্ধি মছলা হওক, আন্তৰিকতাৰে সৈতে কৰা পৰিবেশন হওক অথবা উষ্ণ আতিথ্যৰ জৰিয়তেই হওক, ছাদ্দা পাঞ্জাৱ উৎসৱে নিজৰ অতিথিসকলক পাঞ্জাৱৰ সজীৱ পথসমূহলৈ লৈ যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে, যিয়ে তেওঁলোকক অঞ্চলটোৰ খাদ্যসম্ভাৰক অধিক প্ৰশংসা কৰিবলৈ উদগণি যোগায়।