গুৱাহাটী : মঙলবাৰে মহানগৰী গুৱাহাটীৰ বৰ্ষাপাৰাৰ ইটাভাটাত সংঘটিত হৈছিল এক চাঞ্চল্যকৰ ডকাইতিকাণ্ড। ৬ জনীয়া ডকাইতৰ দল এটাই অস্ত্ৰলৈ এজন লোকৰ ঘৰত প্ৰৱেশ কৰি লুটি নিছিল নগদ ধনসহ আ- অলংকাৰ। ডকাইতিৰ দলটোৱে গুলী চালনা কৰি এজন লোকক আহত কৰি পলায়ন কৰিবলৈ সক্ষম হৈছিল যদিও এৰি গৈছিল ডকাইতি কৰিবলৈ অহা চাৰিচকীয়া বাহনখন।

এ এছ-০১-ডিজে-৯৬০৪ নম্বৰৰ ডাষ্টাৰ বাহনখনৰ স্বত্বাধিকাৰী গণেশ দাসক আটক কৰি আৰক্ষীয়ে জেৰা চলাওঁতে ডকাইতিকাণ্ডৰ লগত জড়িত লোক সকলক পৰিচয় পোহৰলৈ আহে। ইতিমধ্যে আৰক্ষীয়ে এই ডকাইতিকাণ্ডৰ লগত জড়িত থকাৰ সন্দেহত ৪ জন লোকক গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে। ডাষ্টাৰ বাহনখনৰ স্বত্বাধিকাৰী গণেশ দাস, বিপ্লৱ দৈমাৰী, অমৰ আলী আৰু কৰুণা নামৰ ৪ জনক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে।

ডকাইতিকাণ্ডৰ লগত জড়িত গণেশ দাস আৰু কৰুণা অসম আৰক্ষীত কৰ্মৰত বুলিও জানিব পৰা গৈছে। আৰক্ষীয়ে ঘটনাস্থলীত উদ্ধাৰ কৰা গুলীৰ খালি কাৰ্টিজ অসম আৰক্ষীৰ বন্দুকৰ বুলিও আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰিছিল। ইয়াৰ লগতে আৰক্ষীয়ে ডকাইতিকাণ্ড সংঘটিত হোৱা ঘৰখনৰ পৰা অমৰ আলীৰ ভোটাৰ কাৰ্ডো উদ্ধাৰ কৰিছিল। ডকাইতিকাণ্ডৰ লগত জড়িত ২ জন লোক এতিয়াও পলাতক অবস্থাত আছে যদিও আৰক্ষীয়ে অভিযান তীব্ৰতৰ কৰি তুলিছে।

উল্লেখ্য যে মঙলবাৰে বর্ষাপাৰাৰ ইটাভাটাৰ সাৰদা পথত থকা গৌতম পাল নামৰ এজন লোকৰ ঘৰত ৬ জনীয়া ডকাইতৰ দল এটাই ডকাইতিকাণ্ড সংঘটিত কৰিছিল। ডকাইতৰ দলটোৱে অস্ত্ৰলৈ গৌতম পালৰ ঘৰত প্ৰৱেশ কৰি ঘৰৰ লোক সকলক পনবন্দী কৰি ডকাইতিকাণ্ড সংঘটিত কৰি লুটি নিছিল ঘৰৰ সকলো ধন-সম্পত্তি। ডকাইতৰ দলটোক আটক কৰিবলৈ চেষ্টা চলোৱা লিটন মুজমদাৰ নামৰ এজন লোকক ডকাইতৰ দলটোৱে গুলী চালনা কৰি আহত কৰিছিল।