গুৱাহাটী 

১৫ জুলাই

গুৱাহাটী মহানগৰবাসীৰ বাবে বেয়া খবৰ। গুৱাহাটীত পুনৰ বৃদ্ধি পাব গাখীৰৰ মূল্য। শুকুৰবাৰৰ পৰা ৩ টকাকৈ বৃদ্ধি পাব প্ৰতি লিটাৰ গাখীৰৰ মূল্য। বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই গাখীৰৰ মূল্য বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

পে’ট্ৰল-ডিজেলৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জলাকলা খুৱাই থকাৰ মাজতে এইবাৰ মূল্যবৃদ্ধিৰ তালিকাত অন্তৰ্ভুক্ত হৈছে গাখীৰ। প্ৰতিদিনে পে’ট্ৰল-ডিজেলৰ মূল্যবৃদ্ধিৰ মাজতে শুকুৰবাৰৰ পৰা প্ৰতি লিটাৰ গাখীৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি পাব।

মহানগৰী গুৱাহাটীত শুকুৰবাৰৰ পৰা ৩ টকাকৈ বৃদ্ধি পাব গাখীৰৰ মূল্য। বৃহস্পতিবাৰে বৃহত্তৰ গুৱাহাটী দুগ্ধ ব্যৱসায়ী সন্থাই গাখীৰৰ মূল্য ৩ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। পূৰ্বতে দুগ্ধ ব্যৱসায়ী সকলে প্ৰতি লিটাৰ গাখীৰ ৪৮ টকাকৈ আনি পাইকাৰী ৫১ টকাকৈ আৰু খুচুৰা ৫৩ টকাকৈ বিক্ৰী কৰিছিল।

এতিয়া দুগ্ধ ব্যৱসায়ী সকলে প্ৰতি লিটাৰ গাখীৰ ৫১ টকাকৈ আনি পাইকাৰী ৫৪ টকাকৈ আৰু খুচুৰা ৫৬ টকাকৈ বিক্ৰী কৰিব। উল্লেখ্য যে গুৱাহাটীত ১ জুলাইৰ পৰা ৩ টকাকৈ বৃদ্ধি কৰিছে প্ৰতি লিটাৰ গাখীৰৰ মূল্য।

মহানগৰী গুৱাহাটীত প্ৰতিদিনে ১ লাখ ৬০ হাজাৰ লিটাৰ গাখীৰ যোগান ধৰে দুগ্ধ ব্যৱসায়ী সকলে। মহানগৰীত দুগ্ধ ব্যৱসায়ৰ লগত প্ৰায় ৫২০ গৰাকী ব্যৱসায়ী জড়িত হৈ আছে। গৰুৰ খাদ্যৰ লগতে অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ প্ৰভাৱ পৰিছে গাখীৰৰ মূল্যৰ ওপৰত।