ছায়গাঁও
১৫ জুলাই

কামৰূপ জিলাৰ অসম-মেঘালয় সীমান্তৰ বনভোজস্থলী উকিয়ামত সংঘটিত হৈছে যে শোকবাহ ঘটনা। তিনিটাকৈ নদীৰ সংগমস্থলী উকিয়ামত গা ধুবলৈ গৈ এজন যুৱকৰ সলিল সমাধি ঘটে। গৰমৰ পৰা ৰক্ষা পাবলৈ সমনীয়াৰ সৈতে উকিয়ামত গা ধুবলৈ গৈছিল যুৱকজনে।

পলাশবাৰীৰ ৰামপুৰৰ ৰাজ দাস নামৰ এজন ১৬ বছৰীয়া যুৱকৰ অসম-মেঘালয় সীমান্তৰ বনভোজস্থলী উকিয়াত সলিল সমাধি ঘটে। অসম-মেঘালয় সীমান্তত মনোমোহা প্ৰকৃতিক পৰিৱেশৰ মাজত থকা শ্ৰী, দ্ৰোণ আৰু ডিলমা নামৰ তিনিখন নদীৰ সংগমস্থলী উকিয়ামত ৰাজ দাস নামৰ যুৱকজনে কেইজনমান সমনীয়াৰ সৈতে গা ধুবলৈ গৈছিল।

জানিব পৰা মতে নদীত গা ধুই থকাৰ সময়ত যুৱকজন হঠাতে নদীত ডুব যায়। যুৱকজন নদীত ডুব যোৱাৰ পিছতে একাংশ স্থানীয় ৰাইজে তৎপৰতা দেখুৱাই যুৱকজনৰ মৃতদহে নদীৰ পৰা উদ্ধাৰ কৰে। ইতিমধ্যে স্থলীত ইতিমধ্যে আৰক্ষীৰ দল উপস্থিত হোৱা বুলি জানিব পৰা গৈছে।

গুৱাহাটীৰ পৰা ৭০ কিলোমিটাৰ নিলগত মনোমোহা প্ৰকৃতিক পৰিৱেশৰ মাজত থকাৰ বাবে প্ৰতিদিনে উকিয়ামত বহু লোকৰ সমাগম দেখিবলৈ পোৱা যায়। এই ঠাইখিনিতে প্ৰতিবছৰে উকিয়াম ৰিভাৰ ফেষ্টিভেলৰ আয়োজন কৰা হয়। ক’ভিড সৃষ্ট পৰিস্থিতিৰ বাবে বিগত দুবছৰ ধৰি এই ফেষ্টিভল অনুষ্ঠিত হোৱা নাই।